নিবন্ধসাহিত্য

দীপাৱলী আৰু ধনতেৰচৰ কিছু কথা

সৌৰভ জ্যোতি গোস্বামী:

পোহৰৰ উৎসৱ দীপাৱলী সমাগত। অহা ১৮ আৰু ১৯ অক্টোবৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী। ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰি উক্ত দিনটোতে অযোধ্যালৈ আগমন কৰিছিল আৰু সেইবাবে সেই দিনটোত এন্ধাৰক মষিমূৰ কৰি পোহৰেৰে আলোকিত হয় সমগ্র বিশ্ব।

উল্লেখযোগ্য যে, সমগ্র ভাৰতবৰ্ষৰ ভিতৰত অযোধ্যাৰ দীপাৱলী উৎসৱ আটাইতকৈ ডাঙৰ যিহেতু অযোধ্যাতে ৰামচন্দ্ৰৰ জন্ম হৈছিল। এই দীপাৱলীৰ লগতে ধনতেৰচ নামেৰে আন এটি উৎসৱ জড়িত হৈ আছে। ধনতেৰচ হৈছে ধনৰ উৎসৱ আৰু এই উৎসৱত দীপাৱলীৰ সমান্তৰালকৈ ধনৰ দেৱতা কুবেৰক পূজা কৰা হয়। ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ আগৰ সময়ছোৱা অযোধ্যাবাসীৰ বাবে অতি দুখজনক সময় আছিল। তেওঁলোকে সেই সময়ছোৱাত বিভিন্নধৰণৰ আৰ্থিক সংকটত ভূগিছিল।

ৰামচন্দ্ৰৰ অযোধ্যা আগমনৰ লগে লগে সেই আৰ্থিক সংকট দূৰ হৈছিল আৰু সেইবাবে উক্ত দিনটোত দীপাৱলীৰ সমান্তৰালকৈ ধনতেৰচ উৎসৱো পালন কৰা হয়। ইতিমধ্যে এই উৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে সমগ্ৰ ৰাজ্যবাসীয়ে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো সমানেই ব্যস্ত হৈ পৰিছে।

Related Articles

Leave a Reply

Close