অসম

দীৰ্ঘ দিনীয়া প্ৰতিক্ষাৰ অন্ত, অৱশেষত বৰপেটাৰোডৰ ৰে’লৱে অভাৰব্ৰীজ নিৰ্মাণৰ বাবে ৩৪ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন এটি এইবাৰ দিঠকত পৰিণত হোৱাত আজি চহৰখনত এক আনন্দৰ জোৱাৰ উঠে। দিনক দিনে বাঢ়ি অহা তীব্ৰ জান যটৰ বাবে নামনি অসমৰ মুখ্য বাণিজ্যিক চহৰ বৰপেটাৰোড চহৰখনৰ সোঁ মাজেৰে যোৱা ৰেল পথৰ ওপৰত এখনি অভাৰব্ৰীজ নিৰ্মাণৰ দাবী বহু দিন ধৰি চলি আছিল যদিও চৰকাৰী ৰঙা ফিটাৰ মেৰপেচৰ বাবে সেয়া বাস্তৱ ৰূপ পোৱা নাছিল। কিন্তু স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসে বিগত কেবা বছৰ ধৰি দিল্লীত নেৰানেপেৰাভাৱে লাগি থকাৰ বাবে অৱশেষত অভাৰব্ৰীজখন নিৰ্মাণৰ সেউজ সংকেট দিয়ে ডনাৰ মন্ত্ৰণালয়ে। কালি ড’নাৰ মন্ত্ৰণালয়ে এক পত্ৰ যোগে অসমৰ অতিৰিক্ত মুখ্য সচিবক অভাৰব্ৰীজখন নিৰ্মাণৰ বাবে তেওঁলোকৰ ফালৰ পৰা ৩৪.১৬ কোটি টকা অনুমোদন কৰা বুলি জনাইছে।

বৰপেটাৰোড বজাৰ আৰু উত্তৰ বৰপেটাৰোড সংযোগী অভাৰব্ৰীজখনৰ দৈৰ্ঘ্য হব ৪৪৫ মিটাৰ। আজি এইলৈ বৰপেটাৰোডত বিজেপিৰ কৰ্মকৰ্তা সকলে এক সমদল উলিওৱাৰ লগতে ফটকা ফুটাই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়। তাৰ পূৰ্বে স্থানীয় বিধায়ক তথা অভাৰব্ৰীজখন অনুমোদন কৰি অনাৰ মূল হোটা ৰনজিৎ কুমাৰ দাসক বিজেপিৰ কৰ্মকৰ্তাসকলে বিপুলভাৱে আদৰণি জনায়। বিধায়ক দাসে তেওঁৰ ভাষণ প্ৰসঙ্গত অভাৰব্ৰীজখন নিৰ্মাণৰ পিছত বৰপেটাৰোড চহৰখনে অন্য এক গতি লাভ কৰিব বুলি মন্তব্য কৰাৰ লগতে মোদী আৰু সোণোৱাল চৰকাৰৰ লগতে বৰপেটাৰোড বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে জনায় যে অভাৰব্ৰীজখনৰ নিৰ্মাণৰ বাবে এতিয়া নিবিদা গ্ৰহণৰ কাম এক দুইমাহৰ ভিতৰতে সম্পূৰ্ণ হলেই এইবছৰৰ শেষৰ ফালে নতুবা অহা বছৰৰ প্ৰথম ভাগতে নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

আজিৰ এই কাৰ্যসূচীত বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ, উপ-পৌৰপতি ফুলেন দাস, প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ সাহা, ৱাৰ্ড কমিছনাৰ ক্ৰমে বাদল সাহা, সন্তোষ পোদ্দাৰ , চন্দনা সৰকাৰ, বিজেপি নেতা ৰাজেশ সৰকাৰ, বুবুল দেউৰী প্ৰমুখ্যে ভালেমান নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close