অসম

দুই মহৰ যুঁজত বিৰিণাৰ মৰণ, প্ৰধান শিক্ষয়ত্ৰী আৰু সহ: শিক্ষকৰ সংঘাতত বিনষ্ট জাঁজীৰ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ 

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য্য, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ আমগুৰি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত জাঁজী জামুগুৰিস্থিত ৮০ নং নাজিৰ পুখুৰী প্ৰাথমিক বিদ্যালয়ত প্রধান শিক্ষয়িত্ৰী আৰু এগৰাকী সহ:শিক্ষকৰ মাজত মাজত দীৰ্ঘদিন ধৰি চলি অহা অৰিয়া- অৰিৰ ফলত বিদ্যালয় খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হৈ পৰিছে।

জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তুলুমা চেতিয়া আৰু সহঃ শিক্ষক ৰঞ্জিত বৰাৰ মাজত চলি আছে দীৰ্ঘদিনীয়া সংঘাত। উত্থাপিত অভিযোগ অনুসৰি বিদ্যালয় খনৰ সহ: শিক্ষক ৰঞ্জিত বৰা সৰ্বশিক্ষাৰ মণ্ডল সমল ব্যক্তি হিচাপে নিয়োজিত হোৱাৰ সুবাদতে ২০০৯ চনৰ পৰাই বিদ্যালয়ত পাঠদান কৰাৰ পৰা বিৰত আছে। কিন্তু বিভাগীয় নীতি মতে সমল শিক্ষকে নিজৰ বিদ্যালয়ত প্ৰতিদিনে উপস্থিত থাকি উপস্থিতি বহীত স্বাক্ষৰ কৰাৰ লগতে কমেও এটা শ্ৰেণীত পাঠদান কৰিব লাগে।

জানিব পৰা মতে, বিদ্যালয় কৰ্তৃপক্ষই এই সম্পৰ্কে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছেৰ। আনহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তুলুমা চেতিয়াৰ বিৰুদ্ধেও উত্থাপিত হৈছে বহু অভিযোগ। প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ স্বামী ভৱেন চেতিয়াই বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজত হস্তক্ষেপ কৰাৰ অভিযোগ বহুদিনৰ। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিত নোহোৱা নোপজা ধৰণে উপদেষ্টাৰ পদ সৃষ্টি কৰি উক্ত পদত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে স্বামীক বহুৱাই মই মতালিৰে বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজত স্বামীক জৰিত কৰাইছে। কায্যতঃ পত্নীৰ স্থানত নিজেই প্ৰধান শিক্ষক হিচাপে প্ৰশাসনিক কাম কাজ চলোৱাৰ অভিযোগ উঠা ভৱেন চেতিয়া নামৰ স্বয়ম্ভু উপদেষ্টা গৰাকীৰ বাবেই বিদ্যালয় খনত অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। বিগত ১০ অক্টোবৰত এইজন ভৱেন চেতিয়াই শিক্ষক তথা গুণোৎসৱৰ সংযোজক ৰঞ্জিত বৰাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছিল।

১৮৭১ চনতে প্ৰতিষ্ঠা লাভ কৰা আৰু বৰ্তমানে ১৪৬ বছৰ অতিক্রম কৰা প্ৰাচীন শিক্ষানুষ্ঠান খনৰ ঐতিহ্য আৰু শৈক্ষিক পৰিবেশ সুস্থ সবল কৰি ৰখাৰ স্বাৰ্থতে দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকে বিদ্যালয়খনৰ পৰা ততালিকে বদলি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Related Articles

Leave a Reply

Close