অসম

দুলীয়াজানত অইলৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে এজন আহত 

প্ৰথম খবৰ, দুলীয়াজান: আজি নিচেই পুৱাতে দুলীয়াজানত এখন তীব্ৰ বেগী বাহনে এজন বাইক আৰোহীক মহতীয়াই লৈ যায়। দুলীয়াজানৰ জয়ানগৰত সংঘটিত এই পথ দুৰ্ঘটনাত টিপলিংৰ বিৰাজ কলিতা (৪০) নামৰ লোকজন গুৰুতৰ ভাৱে আহত হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, এ এছ ০৬ কিউ / ৩৬০৩ নম্বৰৰ এফ জেদ য়ামাহা বাইকেৰে ব্যক্তিজন চহৰখনৰ ডেইলী বজাৰৰ পৰা টিপলিংমুখী গৈ থকা অৱস্থাত অইলৰ এখন তীব্ৰ বেগী বাহনে খুন্দিয়াই থৈ যায়। পাছত সংকটজনক অৱস্থাত লোকজনক অইল হাস্পতাললৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ আছে। অৱশ্যে যান-বাহন নিয়ন্ত্ৰণকাৰী আৰক্ষীৰ আগত অইলৰ বিভাগীয় সূত্ৰই এই ঘটনা অস্বীকাৰ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close