অসম

দুলীয়াজানত উলহ-মালহেৰে জগদ্ধাত্ৰী দেৱীৰ পূজা উদযাপন

প্ৰথম খবৰ, দুলীয়াজান: শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত দুলীয়াজান আনন্দপাৰা প্ৰাংগণত আজি জগৎ জননী জগদ্ধাত্ৰী দেৱীৰ পূজানুষ্ঠান উলহ-মালহেৰে আয়োজন কৰা হয়। পূজাৰ উপলক্ষে কালি সন্ধ্যা ৬ বজাত বৈদিক মন্ত্ৰোচ্চাৰণেৰে দেৱী প্ৰতিষ্ঠা কৰা হয়।

আজি পুৱা ৫ বজাত জগদ্ধাত্ৰী দেৱীৰ পূজা আৰম্ভৰ পাছত ৮ বজাত চণ্ডীপাঠ আৰু ১১ বাজি ৩০ মিনিটত পুস্পাঞ্জলি প্ৰদান কৰা হয়। সন্ধিয়ালৈ শ্ৰী শ্ৰী ঠাকুৰৰ আৰতিৰ পাছত দেৱীৰ আৰতি চলে। সেইদৰে কাইলৈ পুৱা ৮ বজাত দশমী পূজাৰ পাছত বিয়লি ৩ বাজি ৩০ মিনিটত প্ৰতিমা বিসৰ্জন কৰা হ’ব। উল্লেখ্য যে বৃহত্তৰ তৈলনগৰী দুলীয়াজানত মাত্ৰ এখনেই অনুষ্ঠিত ৯ বছৰীয়া এই পূজাভাগিলৈ কাষৰীয়া অগণন ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close