শেহতীয়া
Home / অসম / দুলীয়াজানত জাগৃতি আত্মসহায়ক গোটৰ স্বচ্ছতা অভিযান 

দুলীয়াজানত জাগৃতি আত্মসহায়ক গোটৰ স্বচ্ছতা অভিযান 

প্ৰথম খবৰ, দুলীয়াজান: দুলীয়াজান টিপলিং পঞ্চায়তৰ অন্তৰ্গত মহিলাৰ আত্মসহায়ক গোট জাগৃতি গ্ৰাম্য সংগঠনে আজি দুলীয়াজানত স্বচ্ছতা অভিযান চলাই। স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি সভানেত্ৰী বাবলি ফুকনৰ নেতৃত্বত গ্ৰাম্য সংগঠনটোৰ প্ৰতিগৰাকী সদস্যাই স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

পুৱা ৯ বজাত অসম গেছ কোম্পানী লিমিটেডৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী জয়ানগৰত সমাপ্ত কৰে। উল্লেখ্য যে, এই আত্মসহায়ক গোটটোৱে পূৰ্বেও সমাজ কল্যাণমূলক অন্যান্য আঁচনি নিজাববীয়াকৈ ৰূপায়ণ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*