অসমশীৰ্ষ

দুস্পাপ্য জলজ প্ৰাণী ৰূপে স্বীকৃত কাছ নিধন ঢকুৱাখনাত

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: যি সময়ত চৰকাৰ প্ৰশাসনে দুস্পাপ্য প্ৰাণী সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ কঠোৰ আইন প্ৰৱৰ্তন কৰিছে সেই সময়তে দুস্পাপ্য জলজ প্ৰাণী ৰূপে স্বীকৃত কাছ নিধন চলিছে ঢকুৱাখনা সোণাৰি চাপৰি অঞ্চলৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ভিতৰুৱা গাঁওবোৰত।

এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এজন যুৱকৰ ফেচবুক আপদেটৰ পৰা। ঢকুৱাখনা সোণাৰি চাপৰি থানাৰ অন্তৰ্গত সুৰজ বৰা নামৰ এজন যুৱকে নিশা ফেচবুকত আপলোড কৰিছে হত্যা কৰা এটা দুস্পাপ্য কাছ আৰু তাৰ কটা মাংসৰ সৈতে নিজৰ ফটো । এই কাণ্ডই প্ৰশাসনৰ আইন ভংগ কৰাৰ লগতে দুস্পাপ্য প্ৰাণী নিধনৰ জড়িত হৈছে। এই যুৱকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে এটিয়া লক্ষ্যণীয় হ’ব ।

Related Articles

Leave a Reply

Close