বিজ্ঞান

দেশত সোনকালেই বৃদ্ধি হ’ব ইন্টাৰনেটৰ গতি

নেচনেল ডেস্ক,প্ৰথম খবৰঃ বৰ্তমান তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিস্ফোৰণৰ ঘটিছে। ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰি চোৱালৈকে সকলো এতিয়া ব্যস্ত ইন্টাৰনেটৰ পৃথিৱীত৷ কিন্তু নেটৰ মন্থৰতাই আমাৰ দেশৰ নেট ব্যৱহাৰকাৰীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই সময়তে আমাৰ দেশৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ৷ কাৰণ সোনকালে কেন্দ্ৰীয় চৰকাৰে ইন্টাৰনেটৰ গতি দ্ৰুত কৰিব। তাৰবাবে আৰম্ভ কৰিছে চিন্তা-চৰ্চা৷  এতিয়াৰে পৰা  ইন্টাৰনেটৰ গতি সৰ্বনিম্ন ৫১২ কেবিপিএথৰ পৰা ২ এমবিপিএছ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ টেলিকম সচিব অৰুণা সুন্দৰা ৰাজনে দেশৰ বিভিন্ন প্ৰান্তত থকা ইন্টাৰনেট গ্ৰাহকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে ইন্টাৰনেটৰ গতি দ্ৰুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়৷ কাৰণ আগন্তুক দিনত যেতিয়া ৫জি সেৱা আৰম্ভ হ’ব তেতিয়া এই সমস্যা আৰু জটিল হৈ পৰিব বুলি কয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close