শেহতীয়া
Home / অসম / দৌলাশালত যোগ শিৱিৰ সম্পন্ন

দৌলাশালত যোগ শিৱিৰ সম্পন্ন

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ, প্ৰথম খবৰ: নলবাৰী জিলাৰ দৌলাশালত চলি থকা যোগ শিৱিৰৰ আজি সফল সামৰণি পৰে। পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ দ্বাৰা পৰিচালিত এই যোগ শিৱিৰত যোগগুৰু হিচাপে অংশ গ্ৰহণ কৰে নলবাৰী জিলাৰ যোগ প্ৰচাৰক পংকজ ঠাকুৰীয়াই।

পাঁচদিন ধৰি চলা এই যোগ শিৱিৰত যোগৰ পৰা পাব পৰা সুফলসমূহ দাঙি ধৰাৰ লগতে যোগৰ প্ৰশিক্ষণ দিয়া হয়। দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰত অনুষ্ঠিত এই শিৱিৰত দৌলাশাল অঞ্চলৰ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি যোগৰ অনুশীলন কৰে। শিৱিৰটো পৰিচালনা কৰে ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি বাবুল বণিক্য আৰু উপদেষ্টা লীলাধৰ পাঠকে।

উল্লেখ্য যে, নলবাৰী জিলাৰ যোগ প্ৰচাৰক পংকজ ঠাকুৰীয়াই ৩ জুলাইৰ পৰা বৰক্ষেত্ৰীৰ আম্ৰাট্টাৰী, ৰামপুৰ, দমদমা, মুগদি, গোৰাক্ষাট্টাৰী, হিদিলাট্টাৰী, লচিমা, কাপলাবড়ী আদি কৰি প্ৰায় কুৰিখন গাঁৱত যোগ শিৱিৰ অনুষ্ঠিত কৰি যোগৰ প্ৰচাৰ কৰে। প্ৰতিটো শিৱিৰত বৰক্ষেত্ৰীৰ যোগ প্ৰশিক্ষাৰ্থী মনোৰঞ্জন বৈশ্য আৰু মথুৰা ডেকাই যোগ গুৰুক সংগ দি শিৱিৰ পৰিচালনাত সহায় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*