Home / অসম / দৰঙত আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হল “ভোটাৰ তালিকা, ২০১৮ “ৰ খছৰা, নতুনকৈ পঞ্জীভূক্ত মুঠ ১৬৭৭ ভোটাৰৰ নাম

দৰঙত আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হল “ভোটাৰ তালিকা, ২০১৮ “ৰ খছৰা, নতুনকৈ পঞ্জীভূক্ত মুঠ ১৬৭৭ ভোটাৰৰ নাম

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰঙৰ নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মংগলদৈ, দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোটাৰ পঞ্জীয়ণ বিষয়াসকলে জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰি উলিয়াইছে “ভোটাৰ তালিকা, ২০১৮ “ৰ খছৰা। এই উপলক্ষে আজি দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে “ভোটাৰ তালিকা, ২০১৮ “ৰ খছৰা জনসাধাৰণৰ জ্ঞাতাৰ্থে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে।

প্ৰকাশিত খছৰা অনুসৰি উপৰোক্ত চাৰিওটা সমষ্টিতে বিগত বৰ্ষতকৈ ৫৯ টা ভোটগ্রহণ কেন্দ্ৰ বৃদ্ধিৰে মুঠ ৮৫৬ টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰকাশিত খছৰা অনুসৰি বিধানসভা সমষ্টিসমুহত বৃদ্ধি পোৱা ভোটাৰৰ সংখ্যা এনেধৰনৰ -কলাইগাঁৱ ১০৫ জন, ছিপাঝাৰ ৫৪১ জন মংগলদৈ ৭৪০ জন, দলগাঁও ২৯১ জন । অৰ্থাৎ সমগ্ৰ জিলাখনত মুঠ ১৬৭৭ জন ভোটাৰৰ নাম নতুনকৈ পঞ্জীভূক্ত কৰা হৈছে । ইতিমধ্য প্ৰকাশিত এই খছৰাৰ প্ৰতি কোনো লোকৰ কিবা ওজৰ আপত্তি থাকিলে অহা ১৫ নৱেম্বৰৰ ভিতৰত ভোটকেন্দ্ৰসমূহত যোগাযোগ কৰিব পাৰিব। এনে অভিযোগ ১৫ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰি ২০১৮ বৰ্ষৰ ১২ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

উল্লেখযোগ্য যে, ভোটাৰ পঞ্জীয়ণৰ বাবে চলিত বৰ্ষত ভাৰতৰ নির্বাচন আয়োগে ERO NET নামৰ এক ৱেব ভিত্তিক পদ্ধতি চিনাকী কৰি দিছে । এতিয়াৰে পৰা ভোটাৰৰ নাম পঞ্জীয়ণ, মৃত ব্যক্তিৰ নাম কৰ্তন, এটা সমষ্টিৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰি আন সমষ্টিত সন্নিবিষ্ট আদিৰ কাম অনলাইন যোগেৰে কৰিব পাৰিব। ৱেব পটেল NVSP, http,//nvsp.in ত গৈ ভোটাৰ সকলে নিজৰ লগতে আন আন তথ্য জানিব পাৰিব। অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে প্ৰত্যেকটো ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলক এই ক্ষেত্ৰত অধিক সক্রিয় হৈ ৰাইজৰ মাজত সজাগতা আনিবলৈ আহ্বান জনায়। ভোটাৰসকলে জিলাখনৰ বিদ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, ভোটগ্রহণ কেন্দ্ৰ সমুহত অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে । অতিৰিক্ত উপায়ুক্ত গৰাকীৰ উপৰি নির্বাচনী বিষয়া অন্তৰা গগৈ তথা বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া এই সভাত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*