অসম

দৰঙৰ দীপিলাত জগদ্ধাত্ৰী পূজা মহোৎসৱ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰঃ দৰং জিলাৰ দীপিলাত আজি জগদ্ধাত্ৰী পূজা পালন কৰে। জগদ্ধাত্ৰী পূজাত ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৰ বিধায়ক উন্নয়ন পুজিৰ ৩ লাখ টকাৰে জগদ্ধাত্ৰী মন্দিৰৰ প্ৰাঙ্গণত এটি ৰঙ্গমঞ্চৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক গৰাকীৰ উপৰিও দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ উপস্থিত থাকে। জগদ্ধাত্ৰী পূজাস্থলীত মুখপত্র উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সভাত বিধায়কৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ দীপিলাত অনুষ্ঠিত হোৱা জগদ্ধাত্ৰী পূজাত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়।

Related Articles

Leave a Reply

Close