অসমশীৰ্ষ

ধেমালী কৰাটোৱেই হ’ল কাল, ১২ বছৰীয়া কিশোৰীৰ আত্মহনন

প্ৰথম খবৰ, জাগুন: তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং ৰোডৰ ডাঙৰীয়া বাবা শিৱ মন্দিৰ সমীপত থকা মোমায়েকৰ ঘৰত আজি এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে আত্মহত্যা কৰে। একাংশই জানিব দিয়া মতে, কিশোৰীগৰাকীয়ে মাহেকে পষেকে প্ৰায়ে ডিঙিত ৰছীৰ দৰে কাপোৰ মেৰিয়াই আত্মহত্যা কেনেকৈ হয় তাৰ ল’ৰা ধেমালী কৰি আহিছিল। কে’বাবাৰো প্ৰাণ ৰক্ষা কৰিছিল আত্মীয়ই। এনে ধেমালীৰ বিষয়ে ঘৰৰ সকলো জ্ঞাত আছিল।

এনে ধেমালীৰ মাজতে আজি ধেমালী কৰা কাপোৰখনেই কাল মাতি আনিলে। ঘৰখনত কোনো নথকাৰ অৱস্থাত এটা কোঠাত থকা এডাল পাৰ্লিঙত কাপোৰ লগাই ধেমালী কৰি থাকোতেই আকস্মিকভাৱে শ্বাস – প্ৰশ্বাস বন্ধ হৈ যায়। ফলত কিশোৰীগৰাকীৰ মৃত্যু হয়। ৰিয়া দেৱনাথ নামৰ এই কিশোৰীগৰাকী টিপং মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল।

ইতিমধ্যে, লেখাপানী আৰক্ষীয়ে থানাত এক গোচৰ পঞ্জীভূত কৰি মাৰ্ঘৰিটা মহকুমাৰ দণ্ডাধীশ ঝৰ্ণা পাটগিৰিৰ উপস্থিতিত মৃতদেহ চমজি লৈ মৰণোত্তৰ ব্যৱস্থা কৰিছে।

Related Articles

Leave a Reply

Close