শেহতীয়া
Home / অসম / নগাঁও প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক বলেন বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

নগাঁও প্ৰেছ ক্লাৱত প্ৰয়াত সাংবাদিক বলেন বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: সদ্য প্ৰয়াত নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ এখন স্মৃতিচাৰণ সভা আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। নগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা স্মৃতিচাৰন সভাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিছবিত মাৰ্লাপণ কৰে উপস্থিত থকা সকলো ব্যক্তিয়ে। প্ৰেছ ক্লাৱৰ সভাপতি শৈলেন শ‌ইকীয়াই আত ধৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় – বলেন বৰা এগৰাকী জাতীয়তাবাদী চিন্তা-চৰ্চাৰ সাংবাদিক আছিল। তেওঁৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ বাবে এক অপূৰনীয় ক্ষতি।

বিশিষ্ট সাহিত্যিক তথা শংকৰী সংস্কৃতিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে কয় – বলেন বৰা এজন নিৰ্ভীক, নিৰপেক্ষ আৰু আদৰ্শৱান সাংবাদিক আছিল। সমাজৰ স্বাৰ্থত তেওঁ কোনো দিনাই আপোচ কৰা নাছিল বুলি উল্লেখ কৰি সাহিত্যিক গৰাকীয়ে কয়, বহু বছৰ পূৰ্বে এজন জনপ্ৰতিনিধিৰ দুৰ্নীতিৰ ওপৰত তথ্য নিষ্ঠভাৱে সংবাদ পৰিৱেশন  কৰি নিৰ্ভীকতাৰ প্ৰমাণ কৰি থৈ গৈছে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বলেন বৰাৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাস্তৱ অভিজ্ঞতা কথা উল্লেখ কৰি কয়, তেওঁ নিজৰ আৰ্থিক দৈন্যতাক নেউচি সংবাদ ক্ষেত্ৰৰ লগতে সমাজৰ উন্নয়নৰ বাবে কাম কৰি গৈছিল। সভাত বিশিষ্ট লিখক ডাঃ ৰেজাউল কৰিমে কয়, বলেন বৰা এগৰাকী স্বাভিমানী ব্যাক্তিয়েই নহয় তেওঁ এজন সদভাৱপুৰ্ণ আৰু আদৰ্শৱান ব্যাক্তি আছিল।

ড: আবু হানিফাই বলেন বৰাৰ স্মৃতি ৰোমন্থন কৰি কয়, ৭০ৰ দশকত ফটো সাংবাদিতাৰে সাংবাদিক জীৱন আৰম্ভ কৰা বলেন বৰাৰ স্মৃতি জীয়াই ৰাখিলেহে তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ’ব। এই স্মৃতিচাৰণ অনুষ্ঠানত শিক্ষাবিদ সহজানন্দ ওজা, অধ্যক্ষ ডঃ শৰৎ বৰকটকী, সমাজকৰ্মী ডা: ধীৰেন বৰকাকতি, ছাত্ৰ নেতা মনিমাধৱ মহন্ত, সাহিত্য সভাৰ ৰতি মোহন নাথ, পুদুম ৰাজখোৱা, কবি জিনা বৰুৱা শ‌ইকীয়া, সক্ৰিয় সমাজকৰ্মী বলদেৱ শৰ্মা, ছিৰাজ উদ্দিন আহমেদ, ভাৰত গোস্বামী, নৌছাদ আক্তাৰ হাজৰিকা, সাংবাদিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কনক হাজৰিকা, জীতেন বৰকটকী, পলাশ প্ৰতীম হাজৰিকাকে ধৰি ভালেকেইজন সাংবাদিকৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিকে অংশ গ্ৰহণ কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*