অসম

নগাঁৱত গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: চলিত মাহৰ ১০,১১,১২আৰু ১৩ অক্টোবৰত অনুস্থিত হ’ব লগা অসমৰ ১২ খন জিলাৰ লগতে নগাঁও জিলাতো ২য় পৰ্যায়ৰ গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। জিলাখনৰ ৯টা শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ২৩১৮ খন বিদ্যালয়ত অনুস্থিত হ’ব লগা এই উৎসৱৰ বাবে ইতিমধ্যে ৭৯৬ গৰাকী প্ৰথম আৰু ২য় শ্ৰেণীৰ কৰ্মৰত বিভিন্ন বিভাগৰ বিষয়াক প্ৰশিক্ষিত কৰি তোলা হৈছে।

এই উৎসৱৰ সকলো কামৰ পৰিচালনা আৰু তদাৰকৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ বিষয়া তুষাৰ দেৱ গোস্বামীৰ নেতৃত্বত তিনিজনীয়া দলক দ্বায়িত্ব ন্যাস্ত কৰা হৈছে। এই উৎসৱৰ যোগেদি প্ৰতিখন বিদ্যালয়ৰ মানদণ্ড নিৰূপনৰ লগতে বিদ্যালয়সমুহে সন্মুখীন হৈ অহা সমস্যাৰাজি চিনাক্ত কৰি তাক নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শিক্ষা বিভাগৰ এক সূত্ৰত প্ৰকাশ। নগাঁও জিলাত এই উৎসৱে ২৪৬০২৪ গৰাকী নিম্ন প্ৰাথমিক আৰু ৭২৪৭৪ গৰাকী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক সামৰি লোৱা হৈছে।

 

Related Articles

Leave a Reply

Close