অসম

নগাঁৱত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও নগৰ আৰক্ষীয়ে আজি অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সূত্ৰে তথ্য লাভ কৰি নগাঁও চহৰৰ সমীপৰ মধুপুৰৰ পৰা ড্ৰাগছ ব্যৱসায়ীজনক গ্ৰপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰপ্তাৰ কৰা লোকজন হ’ল নগাঁও চহৰৰ নিলগৰ মৰঙিয়ালৰ আতিকুৰ ৰহমান। আৰক্ষীয়ে অভিযান কালত আতিকুৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, আতিকুৰে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত আছিল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close