Home / অসম / নগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

নগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁৱত আজি দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, নগাঁও-জুৰীয়া গড়কাপ্তনি পথৰ আমতলাৰ পথৰ দাঁতিত আজি পুৱা এটা মৃতদেহ পৰি থকা দেখি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। মৃতদেহটো জুৰীয়াৰ দগাঁৱৰ বাবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। ৩৫/৪০ বছৰীয়া লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। ইপিনে, আজি দুপৰীয়া নগাঁও চহৰৰ আমোলাপট্টিৰ কাষত কলঙত ওপঙি থকা অৱস্থাত শঙ্কৰ ৰয় নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।

স্থানীয় শিৱ নগৰ নিবাসী ২২ বছৰীয়া এই যুৱকজনে তিনিদিন পূৰ্বে কলঙত বৰহী বাই থকা অৱস্থাত হঠাৎ পিচলী কলঙৰ দ পানীত পৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*