শেহতীয়া
Home / অসম / নগাঁৱত বাইক চোৰ গ্ৰেপ্তাৰ

নগাঁৱত বাইক চোৰ গ্ৰেপ্তাৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি চহৰ খনৰ ধিং গেটত অভিযান চলাই আজি পুৱতি নিশা এটা বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত বাইক চোৰটো হ’ল নগাঁও চহৰৰ সমীপৰ কাটিমাৰী গ্ৰাণ্টৰ আছাদুল জামান (২৫)।

আৰক্ষীয়ে ধৃত আছাদুলৰ পৰা AS02M4439 নম্বৰৰ এখন মটৰ চাইকেল উদ্ধাৰ কৰে। এই মটৰ চাইকেলখন আছাদুলে কেইদিন মান পূৰ্বে চুৰি কৰিছিল।

উল্লেখ্য যে, ধৃত আছাদুল দীৰ্ঘদিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন স্থানৰ বাইক চুৰিৰ ঘটনাৰ লগতে নানান অপৰাধ জনিত ঘটনাৰ লগত জড়িত আছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*