অসম

নগাঁৱত ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাক স্মৰণ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত অসমীয়া ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ ৪৫ সংখ্যা স্মৃতি দিৱস আজি নগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ  সঞ্চালনাত অনুষ্ঠিত স্মৃতি দিৱসৰ  সভাত  অংশ গ্ৰহণ কৰি শ্বহীদ অনিল বৰাৰ সহযোগী তথা প্ৰাক্তন ছাত্ৰ নেতা লুইত বৰাই শ্বহীদ গৰাকীৰ বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে উল্লেখ কৰি কয় – অনিল বৰা এজন সাহসী ছাত্ৰ নেতা আছিল।

সকলো প্ৰত্যাহ্বান সাহসেৰে মোকাবিলা কৰিব পাৰিছিল। তেওঁ সকলোৰে সৈতে সমদৃষ্টি,সমভাব ৰাখি সদৌ অসম ছাত্ৰ সন্থাক বলিষ্ঠ নেতৃত্ব দিছিল। ভাষাৰ মাধ্যম আন্দোলনত প্ৰান আহুতি দিয়া শ্বহীদ অনিল বৰাই অসমক হাড়ে হিমজুৱে ভাল পাইছিল আৰু অসমীয়া ভাষা সংস্কৃতিৰ বিকাশৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল। প্ৰসঙ্গ ক্ৰমে ছাত্ৰ নেতা গৰাকীয়ে আক্ষেপ কৰি কয়- আজি ৪৫ বছৰে অনিল বৰাৰ হত্যাকাৰী চৰকাৰে  চিনাক্ত কৰিবলৈ সক্ষম নহল।

চৰকাৰে এই সন্দৰ্ভত আয়োগ গঠন কৰিছিল যদিও অনিল বৰাক হত্যা কৰা দুস্কৃতিকাৰীক আজি পৰ্যন্ত চিনাক্ত কৰিব নোৱাৰিলে। প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে আৰু কয়- ১৯৭২ ৰ ভাষাৰ মাধ্যম আন্দোলনৰ সময়ত অসমীয়া ভাষা সংকটপুৰ্ণ অৱস্থাত আছিল। ছাত্ৰ সন্থাৰ নেতৃত্বত অনিল বৰাকে ধৰি ছাত্ৰ নেতাসকলে এই সংকট দুৰ কৰিবলৈ চেষ্টা কৰিছিল। সভাত অংশ গ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰতিমোহন নাথে কয় -অসমীয়া ভাষাৰ আকাশৰ পৰা এতিয়াও কলিয়া ডাৱৰ আতৰ হোৱা নাই। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমুহে অসমীয়া ভাষাক গ্ৰাস কৰিব বিচাৰিছে। অসমীয়া ভাষা উত্তৰণৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ ভাৱে আগবাঢ়ি যাব লাগিব।

এই সভাত অনিল বৰাৰ অন্যতম ছাত্ৰ সহযোগী  নৌছাদ আক্তাৰ হাজৰিকাই অনিল বৰাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। সভাখনতে চিত্ৰ শিল্পী সুজিত দাসে শ্বহীদ অনিল বৰাৰ ছবি অংকন কৰি সকলোৰে আকৰ্ষণ কৰে।

 

Related Articles

Leave a Reply

Close