অসমশীৰ্ষ

নগাঁৱত লম্পট শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী ছাত্ৰী

নিউজ ব্যুৰ’, প্ৰথম খবৰ:  দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতেই নগাঁও জিলাৰ কচুৱা প্ৰমীলা জাৰনিত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা। লম্পট শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী। এই জঘন্য ঘটনা সংঘটিত কৰি পলায়ন কৰে লম্পট শিক্ষক হবিবুৰ ৰহমানে। জানিবপৰা মতে, প্ৰমিলা জাৰণি এ ৰছিদ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে পূজাৰ বন্ধত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ মাতি পাঠদান কৰি থকাৰ মাজতে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক কাষতে এটা অংগনৱাড়ী কেন্দ্ৰলৈ মাতি নি ধৰ্ষণৰ চেষ্টা কৰে।

পাছত ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লম্পট শিক্ষক হবিবুৰ ৰহমানে পলায়ন কৰে। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে কচুৱা আৰক্ষী থানাত লম্পট শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইফালে, লম্পট শিক্ষক হবিবুৰ ৰহমান এজন ডি ভোটাৰ হোৱাৰ লগতে ভূৱা তথ্য পাতিৰে শিক্ষকতা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close