অসম

নগাঁৱৰ জাচিংফা ৰিৰ্চটত বিদ্যুৎস্পৃষ্ট হৈ কৰ্মচাৰীৰ মৃত্যু

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: আজি পুৱা প্ৰায় ৯ :৩০ বজাত নগাঁৱৰ মাহলোৰস্থিত জাচিংফা ৰিৰ্চটত এগৰাকী কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ মৰিগাঁও জিলাত যদিও তেওঁ নগাঁও চহৰৰ ডিমৰুগুৰিত পৰিয়ালৰ সৈতে ভাড়াঘৰত আছিল।

আজি পুৱা জাচিংফাত এটা পুখুৰীৰ পাৰত পানীত পৰি থকা বিদ্যুৎৰ তাঁৰত লাগি তেওঁৰ মৃত্যু হয় ।উল্লেখ্য যে, জাচিংফা ৰিৰ্চটত যি সমূহ বিদ্যুৎ সংযোগী তাঁৰ আছে সেই সমূহ সম্পূৰ্ণ উন্মুক্ত অৱস্থাত থকাত বহু দিনৰ পৰা বহু পৰ্যটকে প্ৰায়ে অভিযোগ কৰি আহিছে যদিও জাচিংফাৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ ফলতেই আজি এই শোকাৱহ ঘটনা সংঘটিত হ’ল বুলি স্থানীয় লোকে অভিযোগ কৰিছে।

 

Related Articles

Leave a Reply

Close