শেহতীয়া
Home / অসম / নগাঁৱৰ মাজৰ‌আটিত কিশোৰীৰ আত্মহত্যাৰ চেষ্টা চলোৱাক লৈ চাঞ্চল্য

নগাঁৱৰ মাজৰ‌আটিত কিশোৰীৰ আত্মহত্যাৰ চেষ্টা চলোৱাক লৈ চাঞ্চল্য

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ সমীপৰ মাজৰ‌আটিত আজি এগৰাকী কিশোৰীয়ে পথাৰৰ এক পানীৰ ডুবিত জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, গুৱাহাটীৰ উলুবাৰীৰ নিকিতা সাহানী নামৰ কিশোৰী গৰাকীয়ে আজি দুপৰীয়া মাজৰাআটি গাঁৱৰ ৬ নং ডুবিত জাপ দি আত্মহত্যাৰ চেষ্টা চলাওঁতে সেই সময়ত পথাৰত ঘাঁহ কাটি থকা এজন লোকে এই ঘটনা প্ৰত্যক্ষ কৰি কিশোৰী গৰাকীক উদ্ধাৰ কৰে। পিছত ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ বিপদৰ পৰা ৰক্ষা পেলোৱা কিশোৰীগৰাকীক হয়বৰগাঁও আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে ১৫ বছৰীয়া কিশোৰী গৰাকীক চাইল্ড লাইনক চমজাই দিছে। ইতিমধ্যে আৰক্ষীয়ে গুৱাহাটীৰ ভিৰুবাৰী থানাৰ জৰিয়তে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীয়ে কি কাৰণত এনে কৰিব বিচাৰিছিল, সেয়া এতিয়াও জানিব পৰা নাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*