অসম

নগাঁৱৰ মোবাইল বিক্ৰেতা প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ লুটপাত, ৩০ লাখ টকাৰ মোবাইল চেট চুৰি 

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ মাজমজিয়াৰ নগাঁও ষ্টেডিয়াম মাৰ্কেটত থকা “ৰেডিয় টাইম” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাই নগাঁৱত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁও আৰক্ষীৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্ত‌ই নগাঁৱত সংঘটিত কৰি আহিছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা। যোৱা নিশাও নগাঁও আৰক্ষী অধীক্ষৰ কাৰ্যালয়ৰ মাত্ৰ কেই মিটাৰমান নিলগৰ ৰেডিঅ’ টাইম নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা নিশা দুৰ্বৃত্ত‌ৰ দলে প্ৰতিষ্ঠানটোৰ চাটাৰ ভাঙি প্ৰৱেশ কৰি লুটপাত চলায়।

দুৰ্বৃত্ত‌ই বৃহৎ পৰিমাণৰ মোবাইল ফোন চুৰি কৰি লৈ যায়। প্ৰতিষ্ঠানটোৰ সূত্ৰই জনোৱা মতে, চুৰি হোৱা মবাইল খিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব। দুৰ্বৃত্ত‌ৰ দলটোৱে মুখত কলা কাপোৰ পিন্ধা এই দুস্কাৰ্য সংঘটিত কৰিছে। প্ৰতিষ্ঠানখনত থকা চিচি টিভি কেমেৰাত চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্ধী হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য, কিছুদিন পূৰ্বেও এই প্ৰতিষ্ঠানখনত চুৰি কাৰ্য সংঘটিত হৈছিল।

 

Related Articles

Leave a Reply

Close