Home / অসম / নলবাৰীত কৃৰ্তি শিক্ষক বিশ্ব নাথ শৰ্মাৰ অকাল মৃত্যুত শোক

নলবাৰীত কৃৰ্তি শিক্ষক বিশ্ব নাথ শৰ্মাৰ অকাল মৃত্যুত শোক

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ দক্ষিণ প্ৰান্তৰ মদন মোহন সখোৱা গাওঁ নিবাসী তথা কৃৰ্তি শিক্ষক, পুৰোহিত বিশ্ব নাথ শৰ্মাৰ (52 ) বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ যোৱা নিশা গুৱাহাটীৰ নাৰায়ণা হাস্পটালত চিকিৎসাধীন হৈ থকা অৱস্থাতে অকাল মৃত্যুক সাৱতি লয়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

প্ৰয়াত কৃৰ্তি শিক্ষক গৰাকী প্ৰথমে তিলানা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰি বৰ্তমানে চান্দুকুছি পাব্লিক হাইস্কুলত বিষয় শিক্ষক হিচাপে কৰ্মৰত আছিল। মেধা সম্পন্ন শৰ্মা এগৰাকী ভদ্ৰ তথা অমায়িক স্বভাৱৰ ব্যক্তি আছিল। পিছত তেওঁৰ মৃতদেহ নিজ গৃহ গাওঁ আহি পোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ইফালে শৰ্মাই বৰ্তমানে শিক্ষকতা কৰা বিদ্যালয় চান্দুকুছি পাব্লিক হাইস্কুলক তেওঁৰ মৃতদেহ নিয়া হয়। তাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকা, সহকাৰী প্ৰধান শিক্ষক কুলেশ মল্ল বুজৰবৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুমুদ মল্ল বুজৰবৰুৱা, আন শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীয়ে কৃৰ্তি শিক্ষক শৰ্মাৰ নশ্বৰদেহত পুষ্প প্ৰদান কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।

তেওঁৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, বাঁহজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক অলকেশ ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজনী আঞ্চলিক সমিতিৰ সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক হিৰণ্য ভট্টাচাৰ্য, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি কামিনী কান্ত মিশ্ৰ,সম্পাদক শংকৰ শৰ্মা, বাঁহজনী জিলা পৰিষদৰ সদস্যা চপলা ৰাজবংশী মেধি সহ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে যে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শিক্ষকজনে পত্নী, দুই পুত্ৰ এৰি থৈ যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*