শেহতীয়া
Home / অসম / নলবাৰীত সাহিত্যিক চানাৰাম কলিতাক স্মৰণ, স্মৃতিসৌধ উন্মোচন 

নলবাৰীত সাহিত্যিক চানাৰাম কলিতাক স্মৰণ, স্মৃতিসৌধ উন্মোচন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: প্ৰয়াত সাহিত্যিক চানাৰাম কলিতা আছিল নিজেই এক অনুষ্ঠান। তেওঁৰ জীৱন বৃত্ত, জ্ঞানৰ বিস্তৃতি আছিল অপৰিসীম। ইঞ্চিৰ জোখেৰে সৰু হ’লেও বুকুখন আছিল প্ৰশান্ত মহাসাগৰৰ দৰে বিশাল। এই মন্তব্য শিক্ষাবিদ ফনিধৰ ডেকাৰ।

আজি নলবাৰীৰ ৰণাকুছিত সাহিত্যিক চানাৰাম কলিতাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত স্মৃতি চাৰণ সভাত সাহিত্যিক গৰাকীৰ স্মৃতিসৌধ উন্মোচন কৰি শিক্ষাবিদ ডেকাই আৰু কয় – স্মৃতিসৌধৰ জৰিয়তে বিশিষ্ট ব্যক্তি গৰাকীক জনসাধাৰণৰ মাজত থিয় কৰাই থলো। এগৰাকী পথ প্ৰদৰ্শক হিচাপে। ভবেশ চন্দ্ৰ শৰ্মাই আঁত ধৰা আৰু বিধুভূষণ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাহিত্যিক, শিক্ষাবিদ হেমন্ত দত্ত, শংকৰী কলা কৃষ্টিৰ সাধক প্ৰভাত চন্দ্ৰ দাস, শিক্ষাবিদ ৰজত চন্দ্ৰ কলিতাই ভাষন ৰাখে।

সভাৰ পূৰ্বে প্ৰয়াত কলিতাৰ সহধৰ্মিনীযে মাল্যাৰ্পন কৰাৰ লগতে সভাত যোৱা হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*