অসম

নলবাৰীৰ ধনতোলাত জৈৱিক কৃষি সজাগতা শীৰ্ষক কৰ্মশালা আৰম্ভ

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ ধনতোলাৰ ফাৰ্ম চ’ত আজিৰে পৰা দুদিনীয়াকৈ জৈৱিক সজগতা শীৰ্ষক কৰ্মশালা আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত কৰ্মশালাৰ উদ্বোধনী সভা অনুষ্ঠিত হয়। কৃতি শিক্ষক নৃপেন্দ্ৰ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত নতুন দিল্লীস্থিত বায়’টেক প্ৰাইভেট লিমিটেডৰ জ্যেষ্ঠ প্ৰবন্ধক সুবোধ পানোৱাৰ, ৰাজীৱ মিশ্ৰ, জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, আৰ্টাৰীৰ সঞ্চালক বিদ্যুত চন্দন ডেকা, কৃষি বিজ্ঞানী ড:মৃদুল ডেকা, নাবাৰ্ডৰ নলবাৰীৰ মুখ্য প্ৰবন্ধক দিব্যজ্যোতি বিশ্বাস, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, হেমন্ত কলিতা, সহকাৰী সঞ্চালক ডম্বৰুধৰ পাটোৱাৰী, কৃষি বিজ্ঞানী হিমাদ্ৰী শেখৰ দত্ত, প্ৰমুখ্যে বালিতাৰা, নাহেৰবাৰী, ধনতোলা, মৈৰাদঙা, চেংনৈ, নমাটি, ঘগ্ৰাপাৰ আদিৰ সহস্ৰাধিক কৃষকে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, পাগলদিয়া এগগ্ৰো অৰগেনিক প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালা কাইলৈ সামৰণি পৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close