অসম

নলবাৰীৰ মুগকুছিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভা সম্পন্ন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰীৰ মুগকুছি কামৰূপ বিদ্যাপীঠ হাইস্কুল বাকৰিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ বিশেষ কাৰ্যনিৰ্বাহ সভা এখন অনুষ্ঠিত হয়। জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আতঁ ধৰে মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ভূপেন ডেকা, খগেন ডেকাই। সভাত ৰাজ্যিক বিজেপিৰ সদস্য প্ৰতুল কলিতা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক নিতুল ডেকা, মণ্ডলৰ সম্পাদকদ্বয় অঞ্জন তালুকদাৰ, শুভজিত মল্ল বুজৰবৰুৱা, কোষাধ্যক্ষ কিশোৰ কলিতা সহ শতাধিক লোক উপস্থিত থাকে।

সভাত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই সাংগঠনিক দিশত বক্তব্য ৰাখি কয় যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলক জয় কৰাবলৈ হলে এতিয়াৰ পৰা কৰ্মী সকলে দলীয় কাম কাজত মনোনিবেশ কৰক। বিৰোধীক দুৰ্বল বুলি নাভাবিব। এইবেলি ৰাইজ বিজেপি মুখী হৈছে। মাথো দলীয় কৰ্মী সকলে নিষ্ঠা সহকাৰে দলৰ কাম কৰি দলটোক আগবঢ়াই নিয়ক বুলিও দোহাৰে। সভাত বিজেপি নেতা অপূৰ্ব শৰ্মা আৰু প্ৰতুল কলিতা, নিতুল ডেকাইও ভাষণত দলীয় কৰ্মী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচন লৈ সাজু হ’বলৈ আহবান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close