অসম

নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱত অসম ভিত্তিত নাগাৰা নাম – ঢুলীয়া প্ৰতিযোগিতাৰ আয়োজন  

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱ অহা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। উক্ত মহোৎসৱৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত সদৌ অসম ভিত্তিত নাগাৰা নাম আৰু ঢুলীয়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

মহোৎসৱৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা,সাধাৰণ সম্পাদকদ্বয় মনোজ চৌধুৰী, পংকজ বৰ্মন আৰু সাংস্কৃতিক বিভাগৰ তত্বাবোধায়ক ৰাতুল ৰয় জনোৱা মতে -অহা ৫,৬,৭ নৱেম্বৰত নাগাৰা নাম আৰু ৮,৯নৱেম্বৰত ঢুলীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। নাগাৰা নামৰ ২০@ টকা ভৰ্তি মাচুল আৰু বাদ্য যন্ত্ৰ নিজা।

লগতে থলুৱা সাজ পাৰ পৰিধান কৰিব লাগিব। ঢুলীয়া প্ৰতিযোগিতাৰ ভৰ্তি মাচুল নাই। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা সকলক ২ নৱেম্বৰৰ আগতে যোগদান কৰিবলৈ অনুৰোধ কৰা হৈছে। তদুপৰি ৯৮৫৪১৬৪৬৬০ আৰু ৮৮২২৩১৩১৭০নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ কৰিছে।

Related Articles

Leave a Reply

Close