অসম

নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিলেছা কালী দেৱালয়ত শ্ৰী শ্ৰী শ্যামা পূজাৰ আযোজন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰী জিলাৰ বালিলেছাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয়ত অহা ১৯ অক্টোবৰত বণাৰ্ঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজাৰ মহা আয়োজন কৰা হৈছে৷ সিদিনা ৰাতিপূৱা ৭ বজাত পতাকা উত্তোলন, ৭- ৩০ বজাত শ্বহীদ তৰ্পন, ৮ বজাত বৃক্ষৰোপন, ৯ বজাত জল অনায়ন, ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ ১ বজাত নাম কীৰ্ত্তন পৰিবেশন, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত আৰতি প্ৰদান, ৬-৩০ বজাত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, ৬- ৪৫ বজাত আতচবাজী প্ৰদৰ্শন, ৭ বজাত শ্ৰী শ্ৰী শ্যামা পূজা আৰম্ভ ও ওজাপালি প্ৰদৰ্শন, নিশা ১১-৩০ বজাত পূজা সমাপণ আৰু প্ৰসাদ বিতৰণ৷ ১২ বজাত ৰাজহুৱা ভোগ বিতৰণ কৰা হ’ব৷

সমুহ কাৰ্যসূচীতে সদাশয় ৰাইজৰ উপস্থিতি তথা সহায়- সহযোগিতা শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত, উপ -সভাপতি তৰুন সেন ডেকা, আৰু সম্পাদক জিতু মনি ডেকাই শ্ৰদ্ধাৰে কামনা কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close