অসম

নাগ্রীজুলিত বনৰীয়া হাতীৰ ৰহস্যজনকভাৱে মৃত্যু

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ নাগ্রীজুলিৰ লগতে সমগ্ৰ ভাৰত-ভূটান সীমান্তত তীব্রতৰ হৈ উঠিছে হাতী-মানুহৰ সংঘাত। নাগ্রীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৩নং দোঙৰগাঁৱত বৰনদীৰ পাৰত  নিশা অৰ্থাৎ ১১ অক্টোবৰৰ বুধবাৰে নিশা ৰহস্যজনকভাৱে মৃত্যু হৈছে এটি বনৰীয়া হাতীৰ।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি বিগত কেইবামাহ ধৰি উপদ্ৰৱ চলাই আহিছে। ইতিমধ্যে বহু লোক বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত নিহতও হৈছে। আজি ৰাতিপুৱা স্থানীয় ৰাইজে ৩নং ডোঙৰগাঁৱত বৰনদীৰ পাৰত মৃত হাতী এটা প্ৰত্যক্ষ কৰি নাগ্রীজুলি আৰক্ষী চকী আৰু তামুলপুৰৰ বনবিভাগত খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। বনবিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, বিগত ১০ ৰ পৰা ১৫ বছৰৰ ভিতৰত অকল তামুলপুৰ মহকুমাত প্ৰায় ৭০ জন লোক বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে। নিহত হৈছে ৭ টাকৈ বনৰীয়া হাতীও।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close