অসম

নাজিৰাৰ মাউতগাঁৱৰ ৰাইজৰ সৈতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মত বিনিময় অনুষ্ঠান

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: আজি নাজিৰাৰ মাউত গাঁৱত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নাজিৰাৰ কলেজ গোটৰ সহযোগত মত বিনিময় অনুষ্ঠান হৈ যায়। সভাত মাউত গাঁৱৰ বহুতো লোক উপস্থিত থাকে। সভাত উপস্থিত আছিল- ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলাম, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন, কাৰ্যকৰী সভাপতি ইমৰান আলি, সাংগঠনিক সম্পাদক শোভন চাউৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কলেজ গোটৰ সভাপতি জিতু হুছেইন, কাৰ্যকৰী সভাপতি বিতুপন বৰগোঁহাই, যুটীয়া সাধাৰণ সম্পাদক আছিফ আহমেদ, বিকাশ কোঁৱৰৰ লগতে কলেজ গোটৰ নেতা কৰ্মী উপস্থিত থাকে।

জিলাৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনে বক্তব্য প্ৰদান কৰি কয় যে, বিজেপি চৰকাৰখনে অসমৰ জনগণৰ কাৰণে একো কাম কৰা নাই। লগতে মাউত গাঁৱৰ বহুতো সমস্যাৰ ওপৰত বিস্তৃতভাৱে বুজ লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close