অসম

নিবনুৱা সকলৰ বাবে সু-খবৰ, আৰক্ষীৰ বিভাগত ৫ হাজাৰ নিযুক্তি হ’ব আগন্তুক জানুৱাৰীত

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ৷ আগন্তুক জানুৱাৰী মাহৰ ভিতৰত অসম আৰক্ষীত ৫০০০টা পদত নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব৷ আজি ২৩৩৭টা ইউ বি কনিষ্টবল পদৰ ফল ঘোষণা কৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে এই কথা ঘোষণা কৰে৷ এক সংবাদমেলত তেওঁ অহা নৱেম্বৰ মাহৰ পৰাই অসম আৰক্ষীৰ মুখ্যতঃ তিনিটাকৈ শাখাত হ’ব লগীয়া এই নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিবলৈ আৰম্ভ কৰা হ’ব বুলি সদৰী কৰে৷

আৰক্ষীত সম্প্রতি মুঠ ১০ হাজাৰ পদ খালী হৈ থকাৰ কথা সদৰী কৰি তেওঁ আজি কয় যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ খালী পদসমূহৰ ভিতৰত ৫০১৩টা পদ পূৰণ কৰিবৰ বাবে অনুমোদন দিছে৷ শীঘ্রে নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব লগীয়া এই পদসমূহৰ ভিতৰত ৩৪৫৫টা নিৰস্ত্র কনিষ্টবল (ইউ বি) পদ, ১৫৪১টা সশস্ত্র কনিষ্টবল (এ বি) পদৰ লগতে ১৭টা উপ-পৰিদর্শকৰ পদ আছে৷ আনহাতে এই পদসমূহ আৰক্ষীৰ কেইবাটাও বাহিনীত খালী হৈ আছে৷ ইয়াৰ ভিতৰত নিযুক্তি ব’র্ডে প্রথমেই বন বিভাগৰ অধীনত নতুনকৈ গঠন কৰা ৰাইনো প্রটেক৲শ্যন ফ’র্চত ৯০টা সশস্ত্র কনিষ্টবলৰ পদত নিযুক্তি দিব৷

সমান্তৰালভাৱে বনৰক্ষী বাহিনীত ৫২৫টা পদ আৰু অসম ঔদ্যোগিক সুৰক্ষা বাহিনীত (এ আই এছ এফ) ১৪৫টা পদত নিযুক্তি দিয়া হ’ব বুলি প্রদীপ কুমাৰে প্রকাশ কৰে৷ ইয়াৰ পাছতে গৃহৰক্ষী বাহিনী আৰু কাৰাগাৰৰক্ষীৰ পদতো নিযুক্তি দিয়া হ’ব৷ উল্লেখযোগ্য যে সকলো নিযুক্তি প্রক্রিয়া জানুৱাৰী- ফেব্রুৱাৰীত সমাপ্ত কৰাৰ বাবেও নিযুক্তি ব’র্ডে পৰিকল্পনা কৰা বুলি তেওঁ সদৰী কৰে৷

ইফালে অসম আৰক্ষীত নিযুক্তিৰ বাবে শেহতীয়াকৈ হোৱা পৰীক্ষাৰ ফল আজি ঘোষণা কৰি নিযুক্তি ব’র্ডৰ অধ্যক্ষ কুমাৰে কয় যে এই নিযুক্তি ১০০ শতাংশ স্বচছ আৰু নিকা আছিল৷ তেওঁ মুঠ ২৫৬৪ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল যদিও ন্যায়ালয়ৰ নির্দেশৰ বাবে নলবাৰী জিলাৰ বাবে ৫টা পদ এৰি বাকীখিনি পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল বুলি তেওঁ কয়৷ ইয়াৰে ২২২টা পদৰ বাবে প্রয়োজনীয় অর্হতা প্রার্থীসকলৰ নথকা বাবে সেই পদকেইটাত নিযুক্তি দিব পৰা নগ’ল বুলি সদৰী কৰি প্রদীপ কুমাৰে বাকী ২৩৩৭টা পদৰ ফল প্রকাশ কৰা হয় বুলি কয়৷

আজি নিশা অসম আৰক্ষীৰ ৱেবছাইটত ফলৰ তালিকা প্রকাশ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ ফল প্রকাশ কৰা পদসমূহৰ ভিতৰত ইউ বিতক্ত১৪৩৮টা, এ পি আৰ অ’ত ৬৫০টা, অগ্নি নির্বাপক বাহিনী আৰু এছ ডি আৰ এফত ১৬৩টা, বিশেষ শাখাত ৬৬টা আৰু দিল্লী আৰক্ষীত ২০টা আছে৷ উল্লেখযোগ্য যে এইবাৰৰ নিযুক্তি প্রক্রিয়াত মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা প্রত্যাহাৰ কৰা হয় বুলি সদৰী কৰি তেওঁ নিযুক্তিৰ বাবে কেৱল শাৰীৰিক আৰু লিখিত পৰীক্ষাহে অনুষ্ঠিত হোৱা বুলি কয়৷ তেওঁ কয় যে শাৰীৰিক পৰীক্ষাত ২ মাইল দৌৰা আৰু লং জাম্প পৰীক্ষা অনুষ্ঠিত হয়৷

আনহাতে লিখিত পৰীক্ষা অ’ এম আৰ ছীটত অনুষ্ঠিত হয়৷ লক্ষণীয়ভাৱে ৰাজ্যত প্রথমবাৰৰ বাবে দৌৰৰ সমাপ্তি সময় নিখুঁত হ’বৰ বাবে প্রতিযোগিতাসমূহত ব্যৱহাৰ কৰা আৰ এফ আই ডি যন্ত্র ব্যৱহাৰ কৰাৰ কথাও তেওঁ ব্যক্ত কৰে৷ অ’ এম আৰ ছীটৰো এটা প্রতিলিপি পৰীক্ষার্থীসকলক লৈ যাবলৈ দিয়া হৈছিল৷ নিযুক্তিত স্বচছতা ৰখাৰ বাবে আনকি লিখিত পৰীক্ষাৰ ফল প্রকাশ কৰাৰ পূর্বে লিখিত পৰীক্ষাত অহা প্রশ্নকাকতৰ ফলসমূহ ৰাজহুৱাকৈ প্রকাশ কৰা হৈছিল বুলি তেওঁ কয়৷ তাৰ পাছতহে ফল প্রকাশ কৰা হৈছিল আৰু তাত পৰীক্ষার্থীসকলে লাভ কৰা মুঠ নম্বৰো দিয়া হৈছিল৷

ইয়াৰ উপৰি ফল প্রকাশৰ পাছত কাৰোবাৰ যদি কিবা ওজৰ-আপত্তি থাকে সেয়া আনুষ্ঠানিকভাৱে কৰিবৰ বাবে এসপ্তাহৰ সময় দিয়া হৈছিল বুলিও সদৰী কৰি নিযুক্তি ব’র্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে এটাও অভিযোগ লাভ নকৰা বুলি কয়৷ আনহাতে এই নিযুক্তি ইমানেই নিখুঁত আছিল যে এতিয়া এই পদ্ধতিৰে নিযুক্তি প্রক্রিয়া পাতিবলৈ ইতিমধ্যে তেওঁৰ সৈতে বিহাৰ, অন্ধ্র প্রদেশ আৰু উত্তৰ প্রদেশ আৰক্ষীয়ে যোগাযোগ কৰা বুলিও সদৰী কৰে৷ ইফালে বিগত এ বি নিযুক্তিৰ সময়ত নগাঁও, ধুবুৰী আৰু বৰপেটা জিলাৰ পৰীক্ষাত হোৱা অনিয়মৰ বাবে নিযুক্তি বন্ধ হৈ আছিল আৰু এই জিলা তিনিখনৰ মুঠ ১৪২০টা পদত ইতিমধ্যে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈ গৈছে বুলি তেওঁ কয়৷ লগতে অহা নৱেম্বৰ মাহত এই পদকেইটাৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি তেওঁ ঘোষণা কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close