অসম

নিশা নলবাৰীত অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্ত

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: “কোনো মৃত্যুৱে সহজে গ্ৰহণ কৰিব নোৱাৰো। চৰকাৰে এইক্ষেত্ৰত এটা ব্যৱস্থা ল’ব লাগে। অৱশ্যে চৰকাৰে আৰম্ভ কৰা তদন্তৰ ৰিপৰ্ট এতিয়ালৈকে মই গম পোৱা নাই। লগতে ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ বাবে চৰকাৰে উচিত ব্যৱস্থা লব লাগে। “কালি নিশা নলবাৰীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰপেটা মেডিকেল কলেজৰ ICU ত নৱজাতকৰ মৃত্যু প্ৰসংগত এইদৰে মন্তব্য কৰে। বৰপেটা জিলাৰ বাঘবৰত সংখ্যালঘুৰ এক সভাত অংশ লৈ গুৱাহাটীলৈ উভতি আহোতে নলবাৰীৰ প্ৰণীতা ৰেষ্টুৰেন্টত দলীয় সতীৰ্থ সকলৰ সৈতে এক চাহ মেলত ভাগ লয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস সহিতে দলীয় কৰ্মী সকলৰে সৈতে ৰেষ্টুৰেণ্টখনত চাহৰ সোৱাদ লোৱাৰ লগতে কিছু দলীয় আলোচনা কৰে নলবাৰী জিলা AGP ৰ কৰ্মী সকলৰ সৈতে।আনহাতে,কফি মিঠাই খোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত কওঁ নকওঁকৈ প্ৰকাশ কৰিলে বহু কথা।কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি মহন্তই কয় গ্ৰেপ্তাৰে কোনো সমস্যাৰ সমাধানৰ পথ নহয়।

আনহাতে, কুমাৰ দীপক দাসৰ ভাষ্য বৰপেটাৰ বাঘবৰত অনুষ্ঠিত সভাখনত প্ৰায় পোন্ধৰ হাজাৰ মানুহে ভৰ্ত্তি হৈছে অগপ দলত। আৰু তাৰ পৰা আহি থাকোতে প্ৰায়ে সোমোৱাৰ দৰে প্ৰণীতা ৰেষ্টুৰেন্টত চাহ খাবলৈ সোমালো। লগতে মিত্ৰ দলৰ চৰকাৰ হলেও অগপ দলৰ নিজা স্থিতি আছে। যাৰ বাবে কাৰো পিঠিত উঠি গোটেই জীৱন নচলে।আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত অগপ দলৰ।

লক্ষণীয়ভাৱে চৰকাৰৰ স্থিতিক লৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত দুয়োগৰাকী নেতাই গা এৰা দিয়া মন্তব্য দাঙি ধৰা পৰিলক্ষিত হয়। যদিওবা পঞ্চায়ত নিৰ্বাচনত অকলে যুজিব বুলি কৈ আছে তথাপিও যেন কিবা এটা ৰহস্যৰ গোন্ধ পোৱা গৈছে দুয়োগৰাকী জ্যেষ্ঠ নেতাৰ চৰকাৰৰ স্থিতিক লৈ দিয়া মন্তব্যত।

Related Articles

Leave a Reply

Close