Home / অসম / নৈশ বাছত শীতল পানীয় খুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ পৰা লুটিলে সৰ্বস্ৰ

নৈশ বাছত শীতল পানীয় খুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ পৰা লুটিলে সৰ্বস্ৰ

বিহালীৰ পৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: প্ৰশ্ন হয় কিমান সুৰক্ষিত আপুনি নৈশ যাত্ৰাত। শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। বিহালীৰ বৰগাংৰ জ্ঞানদ্বীপ দাস নামৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰজনক যোৱা ১৭ অক্টোবৰৰ নিশা নৈশ বাছত নিচা জাতীয় দ্ৰব্য সেৱন কৰাই সংজ্ঞাহীন কৰি সৰ্বস্ৰ লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

বিহালীৰ জনতা উচ্চতৰ মাধ্যমিকৰ উপাধ্যক্ষ ফিৰোজ দাস আৰু জয়া দাসৰ পুত্ৰ জ্ঞানদ্বীপে দীপাৱলীৰ বন্ধ উপলক্ষে ১৭ অক্টোবৰৰ নিশা এ এছ ০১ ডি চি ৬৮২৫ নং গ্ৰীণ ভেলী নৈশ বাছখনৰ আসন নং ৪০ ত স্বগৃহ অভিমুখে আহি থকা অৱস্থাত কাষৰ যাত্ৰীজনে স্বাভাৱিকভাৱে আত্মীয়তা গঢ়ি তুলি তেওঁ গ্ৰহণ কৰা আধা বটল মেঙ্গ’ ফ্ৰুটি জ্ঞানদ্বীপক খাবলৈ দিয়ে। সহজ সৰল জ্ঞানদ্বীপে সেই খিনি পান কৰি গভীৰ নিদ্ৰাত ঢলি পৰে। কিন্তু যেতিয়া জ্ঞানদ্বীপে চকু মেলে তেতিয়া তেওঁ নিজ গৃহৰ পৰা প্ৰায় ১২০ কি:মি দূৰত্বৰ লখিমপুৰত। সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছত বাছ কৰ্তৃপক্ষই জ্ঞানদ্বীপক তেওঁৰ ঘৰত থোৱাৰ ব্যৱস্থা কৰে।

দুৰ্বৃত্তই তেওঁৰ পৰা প্ৰায় নগদ ১৩ হাজাৰ টকা আৰু তেওঁৰ ম’ট’ৰলা কোম্পানীৰ মোবাইলটো লুট কৰি নিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তেওঁৰ পিতৃয়ে বৰগাং থানাত এখন এজাহাৰ দাখিল কৰিছে। যুৱকজনে সাংবাদিকক জানিবলৈ দিছে যে বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*