অসম
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত নন্দ কিশোৰ মহেশ্বৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পালন

প্ৰথম খবৰ, লখিমপুৰঃ আধুনিক লখিমপুৰৰ খনিকৰ, সমন্বয়ৰ সাধক, মানৱদৰদী ব্যক্তি, শিল্পী, সাহিত্যিক, সাংবাদিক, স্থপতিবিদ, ভাস্কৰ্যশিল্পী তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ অভিভাৱক স্বৰূপ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উত্তৰ লখিমপুৰ নগৰৰ চানমাৰিস্থিত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত পুৱা প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলী তৰ্পণেৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী মুকলি কৰে ক্লাবৰ সভাপতি শৈলেন বৰুৱাই।
বন্তি প্ৰজ্জ্বলনৰ পিছতে অনুষ্ঠিত হয় নাম প্ৰসঙ্গ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত মুফতি আব্দুল হাচিব, সত্তৰ সিং গিৰিয়াই অংশগ্ৰহণ কৰাৰ লগতে প্ৰাৰ্থনা সভাত গীতাৰ শ্লোক ভাঙনি কৰে আধ্যাত্মিক বক্তা, সাংবাদিক ৰঞ্জিত কাকতিয়ে। ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগত সঙ্গতি ৰাখি প্ৰকাশিত “নমামি নন্দ দা” শীৰ্ষক পুস্তিকা খনি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৃপেন্দ্ৰ কুমাৰ ফুকনে। জীৱন গোস্বামীয়ে প্ৰস্তুত কৰা পুস্তিকা উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুমুদ বৰুৱাই।
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া আৰু সদস্যৰ সহযোগত অনুষ্ঠিত আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাবৰ বিষয়ববীয়া, সদস্যৰ উপৰি বহুসংখ্যক দল সংগঠনৰ বিষয়ববীয়া, সদস্য আৰু সমাজৰ যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।