অসমবিনোদন

“ন যুঁজৰ ৰণুৱা The Rebirth of the Koches” ভিডিঅ গীত মুকলি

পুনম নাথৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: আজি ১৬ অক্টোবৰ ২০১৭ বিয়লি ৩ বজাত কোচ ৰাজবংশী সকলৰ সকলো ঐতিহ্য সামৰি পাঁচ মিনিট দৈৰ্ঘ্যৰ “ন যুঁজৰ ৰণুৱা The Rebirth of the Koches” ভিডিঅ গীতটি মুকলি কৰা হয়। অসমৰ সাংস্কৃতিক ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কোচ ৰাজবংশীসকলৰ ঐতিহ্যমণ্ডিত সকলোখিনি দিশ সামৰি ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মাণ কৰি উলিয়াই উক্ত গীতটি।

উল্লেখযোগ্য যে পৰিচালক ইন্দ্ৰজিৎ নাৰায়ণ কোচ ৰাজবংশৰ উত্তৰাধিকাৰী। গুৱাহাটী দ্বীজেন্দ্ৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানে দহ লক্ষ্যাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা এই গীতটি লিখে প্ৰসিদ্ধ গীতিকাৰ ইবচন লাল বৰুৱাই আৰু গীতটি প্ৰাণ পাই উঠে সুদক্ষ কণ্ঠশিল্পী জয় বৰুৱাৰ কন্ঠত। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি আত ধৰে অৰ্ণৱ ৰায়ে।

আনহাতে গীতটি উন্মোচন সভাত উপস্থিত থাকে ধীৰেন্দ্ৰ ৰায় চৌধুৰী, বিশিষ্ট পৰমানন্দ ৰাজবংশী, বুদ্ধেশ্বৰ ৰায়, সাংবাদিক অৰুণলোচন দাস, গীতিকাৰ ইবচন লাল বৰুৱা,সংগীত শিল্পী জয় বৰুৱা প্ৰমুখ্যে অইন বহুতো গুণী জ্ঞানী লোক।ভূটানৰ পৰা মাজুলীলৈ, অৰুণাচলৰ পৰা কমতাপুৰলৈ নানান ঠাইত দৃশ্য গ্ৰহণ কৰা এই
এই গীতটিৰ জড়িয়তে আৰু ভৱিষ্যতৰ বাবে কোচ ৰাজবংশী সকলৰ এক নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁলোকে জানিব দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close