অসমশীৰ্ষ

পুনৰ অগ্নিদেৱতাৰ কোপদৃষ্টি পৰিল লংকাৰ পিয়লী মাৰ্কেটত

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: পুনৰ অগ্নিদেৱতাৰ কোপদৃষ্টি পৰিল লংকাত। শনিবাৰে বিজয়া দশমীৰ দিনা লংকাৰ পিয়লি মাৰ্কেটত এক ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি যোৱাৰ পিছত পুনৰ দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত সেই একেখন বজাৰতে পুনৰ সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে, নিমিষতে জুইৰ লেনিহান শিখাই সমগ্ৰ বজাৰখনৰ এটা অংশ আগুৰি ধৰে। লগে লগে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ডবকা, শংকৰদেৱ নগৰৰ পৰা তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ খন ব্যবসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ উপৰিও ৫০ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়। শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে।

Related Articles

Leave a Reply

Close