অসম

পুৰণিগুদাম-চামগুৰিত দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায়

পুৰণিগুদামৰ পৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: বৰ্তমান যুৱপ্ৰজন্মৰ মাজত সৰ্বাধিক প্ৰচলিত বিলাতী সুৰা তথা চুলাইৰ অবাধ প্ৰচলনে বিধ্বস্ত কৰি তুলিছে সমাজ ব্যৱস্থা৷বিশেষকৈ নগাঁও জিলাৰ পুৰণিগুদাম-চামগুৰি অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা বিলাতী সুৰা আৰু দেশীয় সুৰাৰ অবাধ বেহাই অঞ্চল সমুহৰ আৰ্থ-সামাজিক পৰিৱেশ কলুষিত কৰি তুলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

বৃহত্তৰ পুৰণিগুদাম- চামগুৰিৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চল সমূহৰ য’তে-ত’তে গঢ় লৈ উঠা চুলাই মদৰ ভাতী সমূহত আৰু অনুজ্ঞাপত্ৰ বিহীনভাৱে বিক্ৰী কৰা বিলাতী সুৰাৰ অবৈধ বিপণীসমূহত বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটল বিচাৰি যুৱকৰ পৰা আদহীয়ালৈকে সোঁত বোৱা দৃশ্য সহজলভ্য হৈ পৰিছে৷ সুৰা সেৱন কৰি সুৰাপায়ীসকলে সংঘটিত কৰা কাৰ্যকলাপে ছাত্ৰ সমাজৰ লগতে উঠি অহা নৱপ্ৰজন্মৰ ওপৰতো কু-প্ৰভাৱ পেলাইছে।

পুৰণিগুদাম আৰক্ষী চকী আৰু চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অৰ্দ্ধশতাধিক গাঁৱত অাৰক্ষীৰ জ্ঞাতসাৰেই চলি থকা চুলাই মদ,বিলাতী সুৰা, ভাং, জুৱা আদি অসামাজিক কাৰ্যকলাপ দেখিও কোনো গুৰুত্ব নিদিয়ে আৰক্ষীয়ে৷ আনহাতে আৱকাৰী বিভাগেও চকু মুদা কুলিৰ ভাও ধৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে৷

নগাঁও চহৰৰ পৰা প্ৰশাসনৰ সন্মুখেৰেই সুৰা ব্যৱসায়ীয়ে টেম্পু’, মেজিক আৰু মটৰ চাইকেলত মুক্তভাৱেই কাৰ্টনে-কাৰ্টনে বিলাতী সুৰা আনি গ্ৰামাঞ্চলত সুৰাৰ ব্যৱসায় অব্যাহত ৰাখিছে৷ ইফালে, চুলাইৰ মদৰ ব্যৱসায়ীয়ে সুৰা ব্যৱসায়ত অধিক লাভ অৰ্জনৰ বাবে সুৰা নিচাযুক্ত কৰিবলৈ চুলাই মদত পুৰণি বেটেৰী, ইউৰিয়া সাৰ, চেণ্ডেল আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী মিহলাই দিয়ে৷ এই নিচাযুক্ত চুলাই সেৱন কৰি বহুলোকৰ অকাল মৃত্যু হৈছে ৷ উক্ত চুলাই মদৰ গ্ৰাসত পৰি বহুকেইজন লোক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি আছে বুলি জানিব পৰা গৈছে৷

পুৰণিগুদাম- চামগুৰিৰ লগতে গ্ৰামাঞ্চলসমূহৰ প্ৰায় সংখ্যক দোকানতে মুকলিভাৱেই দেশী-বিদেশী সুৰাৰ ব্যৱসায় চলি থকাৰ পাছতো নগাঁও আৱকাৰী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে৷ ৰাইজৰ অভিযোগ, মাত্ৰ কেইটামান টকাৰ কমিছনৰ লোভত আৱকাৰী আৰক্ষীয়ে এইসকল লোকক সুৰাৰ অবৈধ বেহা চলাই যাবলৈ অনুমতি দিছে ৷ পুৰণিগুদাম আৰু চামগুৰি আৰক্ষীয়েও সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এইক্ষেত্ৰত পুৰণিগুদাম-চামগুৰিৰ সচেতন ৰাইজৰ লগতে স্থানীয় ৰাইজে দেশী- বিদেশী সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী, আৱকাৰী আৰক্ষী আৰু জিলা প্ৰশাসনক দাবী জনাইছে৷

Related Articles

Leave a Reply

Close