কবিতাসাহিত্য

 প্ৰাণকেন্দ্ৰৰ কান্দোন

কল্পজ্যোতি শইকীয়া:

সুন্দৰ ৰ’দজাক ঢাকি
নামি আহিল কলিয়া ডাৱৰ
বিস্ফোৰণ নামৰ অসুৰৰ
তাণ্ডৱ লীলাত চুৰ্ণ-বিচুৰ্ণ
হাত-ভৰি-মূৰ-শৰীৰ।

দোকান-পোহাৰ, বাইক-মটৰ
আগুৰি ধৰিলে জুইৰ লেলিহান শিখাই
কেঁচা তেজৰ ৰঙা নদী বোৱাই
উকা কৰিলা দেশমাতৃৰ
শীতল কোলা।
তপ্ত শোণিতেৰে লুটুৰি-পুতুৰি
নিঠৰ দেহ য’তে-ত’তে
অসহায় ক্ৰন্দন সকলোৰে
কান্দোনৰ ৰোলৰ মাজত
সমগ্ৰ গুৱাহাটী।

কাৰোৱাৰ স্বপ্ন
ৰঙীন পৃথিৱী গঢ়াৰ
সেয়েহে কৰ্মক্ষেত্ৰলৈ
আহিছিল ওলাই।
“ধমহ” নামৰ ভয়ানক শব্দই
কপাই তুলিলে চৌপাশ
ৰক্তাক্তময়ী গুৱাহাটী
তেজস্বীনী……………….

দিনতেই অমানিশাৰ
আন্ধাৰ নামিল,
প্ৰাণকেন্দ্ৰ মহানগৰীৰ
হৃদযন্ত্ৰ থমকি ৰ’ল
মৃত্যু যজ্ঞত।

তপ্ত শোণিত , বাৰুদৰ ধোঁবা
নহয় কাম্য আমাৰ
গাওঁ সকলোৱে মিলি
এটি শান্তিৰ গীত
উৰাব খুজো শান্তিৰ
এহালি কপৌ চৰাই …..।

Related Articles

Leave a Reply

Close