অসম

প্ৰিয়াৰ প্ৰিয়ৰ প্ৰচাৰৰ বাবে বিশ্বনাথত জুবিন গাৰ্গ

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আগমনৰ বতৰা পাই ছাত্ৰ-ছাত্ৰী আৰু অসংখ্য অনুৰাগীৰে ভৰি পৰিল বিশ্বনাথ মহাবিদ্যালয়। মুনিন বৰুৱাৰ পৰিচালনাত নিৰ্মাণ কৰা “প্ৰিয়াৰ প্ৰিয়” নামৰ নতুন অসমীয়া কথাছবিৰ প্ৰমোচনৰ বাবে অভিনেতা গুঞ্জন আৰু অভিনেত্ৰী সুনিতা কৌশিকৰ সৈতে আজি বিশ্বনাথ মহাবিদ্যালয়ত শিল্পীগৰাকী।

শিল্পীগৰাকীক এবাৰ ওচৰৰপৰা চোৱাৰ হেপাঁহৰে ছাত্ৰ-ছাত্ৰীসকৰ লগতে জুবিনৰ অনুৰাগীসকলে যথেষ্ট ভীৰ কৰা পৰিলক্ষিত হয়। ইয়াৰ পিচতে বেদেতীত জুবিন গাৰ্গ একাদশ আৰু মৰ্নিং ক্লাৱ একাদশৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ শিল্পীগৰাকী ৰাওনা হয়। আনহাতে জুবিনক চাবলৈ অহা দুজন বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰই বাইক চলাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ আঘাটপ্ৰাপ্ত হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close