অসম

ফুলনিবাৰীৰ মদাহী পুত্ৰক চমজালে আৰক্ষীক

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনি সমীপৰ ফুলনিবাৰীৰ এটা মদাহীক পৰিয়ালৰ লোকে চমজালে আৰক্ষীক। জানিব পৰা মতে, ফুলনিবাৰীৰ পেটুৱা আইন্দৰ পুত্ৰ বাবু আইন্দে (19) আজি সন্ধিয়া চুলাই খাই আহি নিজ পিতৃক মাৰ-পিট কৰে। ককায়েক চুনীল আইন্দে বাধা দিয়াত তেওঁকো প্ৰহাৰ কৰে যুৱকজনে। উপায়হীন হৈ স্থানীয় লোকৰ সহযোগত পৰিয়ালবৰ্গই ঘৰৰ খোটাত বান্ধি থয় বাবুক। অৱশেষত বগীজান আৰক্ষী আহি যুৱকজনক থানালৈ লৈ যায়।

Related Articles

Leave a Reply

Close