অসম

বজালী জিলা বিজেপি সংখ্যালঘুমৰ্চাৰ সভা সম্পন্ন

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: যোৱা ১৭ অক্টোবৰ তাৰিখে বজালী জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ এখন সভা অনুষ্ঠিত হৈ যায়। জিলা কাৰ্যালয়ত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বজালী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি জয়নাল আবদিনে। জিলা সভাপতি ফণি পাঠকে বন্তি প্ৰজ্বলন কৰাৰ পিছত অনুষ্ঠিত হোৱা সভাখনত আগত পঞ্চায়ত নিৰ্বাচনৰ বাবে সংখ্যালঘু অঞ্চলত বিজেপিৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে ৰণ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি সংখ্যালঘু উন্নয়ণৰ ক্ষেত্ৰত চৰকাৰে লোৱা আঁচনি সম্পৰ্কে ৰাইজক অবগত কৰিবলৈ কৰ্মীসকলক আহ্বান জনায়।

সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান, সংখ্যালঘু উন্নয়ণ ব’ৰ্ড, অসমৰ অধ্যক্ষ মমিনুল আৱাল, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিকুঞ্জ দাস, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সাঃ সম্পাদক মতিউৰ ৰহমান, বজালী জিলা সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী তবিবৰ ৰহমান, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য ময়দুৰ ৰহমানৰ লগতে বজালী জিলাৰ বিজেপি মহিলা মৰ্চা,মজদুৰ মৰ্চা,এছ চি মৰ্চা,যুৱ মৰ্চাৰ উপৰিও বজালী জিলা বিজেপিৰ চাৰিওটা মণ্ডলৰ সভাপতি -সম্পাদক উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close