অসম

বিভিন্ন সমস্যা সমাধানৰ দাবীত বিধায়ক পদ্মলৈ স্মাৰক পত্ৰ প্ৰদান শোণিতপুৰৰ দোৱাঙণী জ্ঞানজ্যোতি মহিলা সমিতিৰ

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ বিষয়া কাৰ্যালয়ৰ অধীনৰ চাৰিদুৱাৰৰ ৭৭ বছৰীয়া পুৰণি তথা বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত দোৱাঙণী গাঁৱৰ সমস্যাসমূহ সমাধানৰ দাবীত গাঁওখনৰ জ্ঞানজ্যোতি মহিলা সমিতিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। গাঁওখন সংযোগী মূল পথসহ সকলো উপ-পথৰ পকীকৰণ কৰা, গাঁওখনৰ কাষতে থকা তথা জৰাজীৰ্ণ দলংখন আৰু কালভাৰ্ট সমূহ পকীকৰণ কৰা, গাঁওখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভঁৰাল প্ৰতিষ্ঠা কৰা, এখন খোৱাপানী আঁচনি স্থাপন কৰা আদি দাবীসম্বলিত কৰি দোৱাঙণী জ্ঞানজ্যোতি মহিলা সমিতিয়ে এখন স্মাৰক পত্ৰ আজি সমিতিয়ে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰি অনতিপলমে সমাধান কৰিবলৈ দাবী জনাইছে।

Related Articles

Leave a Reply

Close