অসম

বিলাসীপাৰাত জ্যেষ্ঠ নাগৰিক দিৱস পালন

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সপ্তবিংশতিতম আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়৷ পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে মহকুমাধিপতি ডা:এম এছ লক্ষীপ্ৰিয়াই৷ স্থানীয় ৰাজহুৱা খেল পথাৰৰ পৰা গান্ধীচ’কলৈ শোভাযাত্ৰা উলিওৱা হয়৷

ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত ডা:কানুলাল দাসে স্মৃতিগ্ৰন্থ ‘বিয়লিৰ জিলিঙনি’ উন্মোচন কৰে৷সন্থাৰ সভাপতি জগদানন্দ বৰকলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাংবাদিক দয়াল পাল, প্ৰাক্তন বিধায়ক ইউছুব আলী আহমেদ, শিক্ষাবিদ দীপা ভট্টাচাৰ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাত তিনিগৰাকী বিশিষ্ট সমাজ কৰ্মী, জ্যেষ্ঠ নাগৰিক ক্ৰমে আলহাজ মেছেৰ আলী আহমেদ, আব্দুল ৰহমান আৰু ৰামধন চক্ৰৱৰ্তীক সম্বৰ্ধনা জনোৱা হয়৷

Related Articles

Leave a Reply

Close