Home / অসম / বিশ্বদৰবাৰত পুনৰ অসমৰ নাম জিলিকালে লুইতপৰীয়াই

বিশ্বদৰবাৰত পুনৰ অসমৰ নাম জিলিকালে লুইতপৰীয়াই

নিউজ ডেস্ক, প্ৰথম খবৰ: আমেৰিকাৰ লছ এঞ্জলছৰ কে চহৰত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ। এই মহোৎসৱত শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী আৰু শ্ৰেষ্ঠ চুটি বোলছবিৰ বঁটা লাভ কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দ্য ব্লেক কেট নামৰ ইংৰাজী ভাষাৰ চুটি বোলছবিখনে। বোলছবিখনৰ প্ৰযোজনা, নিৰ্দেশনা আৰু চিত্ৰনাট্য অসমৰ ভাৰ্গৱ শইকীয়াৰ । বিশ্ববিখ্যাত গল্পকাৰ ৰাস্কিন বণ্ডৰ দ্য ব্লেক কেট নামৰ গল্পটোৰ আধাৰত নিৰ্মিত হৈছে এই চুটি ছবিখন। বোলছবিখনৰ মুখ্য ভূমিকাত আছে হলীউড-বলীউডৰ প্ৰখ্যাত অভিনেতা প্ৰয়াত টম  অলটাৰ, ছেহনাজ পেটেল আৰু উদয় চন্দ্ৰ। ইতিমধ্যে বিশ্বৰ কেইবাখনো ঠাইলৈ ছবিখন প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*