শেহতীয়া
Home / অসম / বিশ্বনাথত ইনভা গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ১.৫ লাখ, দিনক দিনে বৃদ্ধি পাইছে দিন ডকাইতিৰ ঘটনা

বিশ্বনাথত ইনভা গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ১.৫ লাখ, দিনক দিনে বৃদ্ধি পাইছে দিন ডকাইতিৰ ঘটনা

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি টকা লুটি নিলে দুৰ্বৃত্তই। বিশ্বনাথত ইনভাৰ গ্লাছ ভাঙি দুৰ্বৃত্তই টকা লুটি নিয়া কাৰ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিশ্বনাথৰ নিৰঞ্জন তালুকদাৰ নামৰ ব্যৱসায়ীজনৰ গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লৈ যায় এটা বেগ। বেগটোত আছিল ৪খন এটিম সহ প্ৰায় ১.৫ লাখ টকা।

বেগটোত লগতে আছিল বেংক পাছ বুক, ব্যৱসায় প্ৰতিষ্ঠানৰ ছাবি, মোবাইল হেন্ডছেট আৰু আন আন মূল্যবান সামগ্ৰী। বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। আছুৰ কাৰ্যালয়ৰ সন্মুখত গাড়ীখন থৈ কিছু সময়ৰ বাবে ব্যৱসায়ীজন আতৰি যাওতেই এই ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলি চহৰত সঘনাই সংঘটিত হবলৈ ধৰিছে এনে ঘটনা। প্ৰতি মাহেই ৪-৫ টা এনেধৰণৰ ঘটনা সংঘটিত হয় চহৰখনত। কিন্তু আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই ঘটনাসমূহ ৰোধ কৰাত। যাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*