অসম

বিশ্বনাথৰ প্ৰস্তুতি কলা কাননৰ নৱ নিৰ্মিত ভৱন উদ্বোধন

বিশ্বনাথ চাৰিআলিৰ পৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: বিশ্বনাথ চাৰিআলিৰ অন্যতম কলা-সংস্কৃতিৰ শৈক্ষিক প্ৰতিষ্ঠান প্ৰস্তুতি কলা কানন নামৰ কলা আৰু সংগীত বিদ্যালয়ৰ নৱ-নিৰ্মিত গৃহৰ ১৫ অক্টোবৰৰ দিনা শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। ২০০৩ চনত স্থাপিত হোৱা প্ৰস্তুতি কলা কানুন নামৰ এই প্ৰতিষ্ঠানখনে চিত্ৰাংকন বিভাগত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে যদিও নিজৰ গৃহৰ অভাৱত সংগীত বিভাগ আৰম্ভ কৰিব পৰা নাছিল।

পৰৱৰ্তী সময়ত সংগীত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। প্ৰস্তুতি কলা কানন প্ৰতিষ্ঠানৰ সম্পাদক ড. ভক্ত প্ৰসাদ গৌতমে আঁত ধৰা উদ্বোধনী সভাত সভাপতিত্ব কৰে শিক্ষাবিদ ড. প্ৰদীপ কুমাৰ মহন্তই। কলিকতাস্থিত সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি বিধায়ক প্ৰমোদ বৰঠাকুৰে নৱ-নিৰ্মিত গৃহ উদ্বোধন কৰি বিশ্বনাথ চাৰিআলিত এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়।

পৰিচালনা সমিতিৰ সম্পাদক ড. গৌতমে প্ৰতিষ্ঠানখনৰ ইতিবৃত্তি ৰাইজক অৱগত কৰে। প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিৰ উপদেষ্টা জীতেন ভাগৱতী, বনমালী বৰঠাকুৰ, কমল ভূঞা উপ-সভাপতি দীপক কুমাৰ দাসকে আদি কৰি বিষয়-ববীয়া, সদস্য-সদস্যাসকল, শিক্ষকবৃন্দ, অভিভাৱক, বিশ্বনাথৰ প্ৰাক্তন বিধায়ক ও প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা লগতে বহু বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশ গ্রহণ কৰে।

Related Articles

Leave a Reply

Close