অসম

বিহপুৰীয়াত অৱসৰপ্ৰাপ্ত সেনাবিষয়াক উষ্ম আদৰনি

লালুকৰ পৰা বিতোপন শইকীয়া, প্ৰথম খবৰ: বিহপুৰীয়াত অৱসৰ প্ৰাপ্ত সেনাবিষয়াক উষ্ম আদৰনি। বিহপুৰীয়া ধলধলীয়া বৰ্তমানৰ কাৱৈমাৰি গাঁৱৰ নিবাসী প্ৰয়াত ঘিতিৰাম নেওগৰ তৃতীয় সন্তান শোভাকান্ত নেওগ আজি নিজ কৰ্মৰ পৰা অবসৰ গ্ৰহণ কৰি নিজ গৃহত উপস্থিত হয়। আজি সন্ধিয়া নিজ গাঁৱৰ বহু শুভাকাংক্ষী ৰাইজে ঢুলে তালে তেখেতক আদৰণি জনালে।

১৯৮৩ চনতে দেশমাতৃৰ সেৱাত নিয়োজিত ১৩৮নং চি আৰ পি এফৰ পৰা অৱসৰ গ্ৰহণ কৰি আজি পোনে পোনে নিজৰ গৃহভূমিত উপস্থিত হৈ প্ৰথম খবৰ যোগেদি সকলো ৰাইজক ধন্যবাদ জনাই।

Related Articles

Leave a Reply

Close