অসম

বিহালীত পথ দুৰ্ঘটনা

বিহালীৰ পৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: ক্ষন্তেক সময়ৰ আগতে বিহালীৰ চেৰেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তেজপুৰৰ পৰা লক্ষীমপুৰ অভিমুখী এখন যাত্ৰীবাহী (আল্ট্ৰা) বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এ এচ ০২ এচি ৩৩২১ নম্বৰৰ ‘হিমাশ্ৰী’ নামৰ বাছখনৰ চালক গৰাকীয়ে অন্য এখন বাহনক অভাৰটেক কৰিবলৈ চেষ্টা কৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । বাছখনত থকা যাত্ৰীসকল।ৰ কেইবাজনো কম বেছি পৰিমাণে আহত হয় ।

যিহেতু খাৱৈতো বেছি দ নাছিল সেয়ে কেইবাগৰাকী ও যাত্ৰীৰ প্ৰাণ কথমপিহে ৰক্ষা কৰে। উল্লেখ্য যে, বাছচালক সকলৰ দৌৰাত্ম্যৰ বাবে নিতৌ বিভিন্ন ঠাইত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close