Home / অসম / বিহালী বৰগাঁও চাহ বাগিছাৰ স্বৈৰাচাৰি মালিকৰ দৌৰাত্ম, শ্ৰম আদালতৰ ৰায়ক উপেক্ষা

বিহালী বৰগাঁও চাহ বাগিছাৰ স্বৈৰাচাৰি মালিকৰ দৌৰাত্ম, শ্ৰম আদালতৰ ৰায়ক উপেক্ষা

বৰগাঙৰ পৰা দিগন্ত শইকীয়া, প্ৰথম খবৰ: বিহালী বিধান সভা সমষ্টিৰ বৰগাঁও চাহ বাগিছাৰ তলা বন্ধ প্ৰত্যাহাৰৰ দাবীৰ লগতে পূজাৰ বোনাচকে ধৰি চাহ শ্ৰমিক ন্যায় প্ৰাপ্তিৰ দাবীত আজি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাই বিহালীৰ বৰগাংৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথ প্ৰায় ২ ঘন্টা ধৰি ৫ শতাধিক চাহ শ্ৰমিকে অৱৰোধ কৰে ৷ প্ৰায় ১ কিলো মিটাৰ পদযাত্ৰা কৰি চাহ শ্ৰমিক সকলে সাৱ্যস্ত কৰা উত্তাল প্ৰতিবাদী কাৰ্যসূচীত বিহালীত সৃষ্টি হয় যান-জঁট ৷ দুঘণ্টা ধৰি স্তব্দ হয় জন-জীৱন ৷ ইপিনে প্ৰতিবাদস্থলীত উপস্থিত হয় শোণিতপুৰ জিলা সহঃ শ্ৰম আয়ুক্ত বিষয়া, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ বৰদলৈ সহ বিশ্বনাথ জিলাৰ এগৰাকী দণ্ডাধীন।

বিশ্বনাথ জিলা প্ৰশাসনে প্ৰতিবাদকাৰীৰ সৈতে প্ৰতিবাদস্থলীতে আলোচনাত মিলিত হৈ প্ৰতিবাদকাৰীৰ দাবী সন্দৰ্ভত বিশ্বনাথ আৰক্ষী অধীক্ষক বৰদলৈয়ে বক্তব্য ৰাখি কয় যে, যিহেতু বাগিছাৰ মালিকে বৰগাওঁ চাহ বাগিছাৰ তলা বন্ধ বিষয়টোৰ সন্দৰ্ভত শ্ৰম আদালতে প্ৰদান কৰা তলাবন্ধ প্ৰত্যাহাৰ ৰায়ৰ পুনৰ বিবেচনাৰ বাবে মহামান্য উচ্চ ন্যায়লয়ত আবেদন জনাইছে ৷ সেইবাবে সম্প্ৰতি এই তলাবন্ধ প্ৰত্যাহাৰৰ বিষয়টো বিশ্বনাথ প্ৰশাসনে হস্তক্ষেপ কৰাত অসুবিধা ৷অানহাতে, শ্ৰমিক তথা প্ৰতিবাদী সংগঠনৰ আন দাবী সমুহৰ ভিতৰত অন্যতম দাবী কালি পূজাৰ বোনাচৰ সন্দৰ্ভত কয় যে, অনতিপলমে শ্ৰম বিভাগ আৰু প্ৰশাসনে শ্ৰমিক সকলৰ প্ৰাপ্য বোনাচ মুকলি কৰি দিয়া হ’ব ৷
প্ৰশাসন যন্ত্ৰৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছত প্ৰতিবাদকাৰীয়ে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচীৰ স্থগিত ৰাখি পথ মুকলি কৰি দিয়ে ৷
উল্লেখ্য যে, বৰগাওঁ চাহ বাগিছাৰ স্বৈৰাচাৰি মালিক গৰাকীয়ে বাগিছাচ কৰ্মৰত চাহ শ্ৰমিকৰ অভাৱ-অভিযোগ, সমস্যা পূৰণৰ বাবে অনিহা প্ৰকাশ কৰি যোৱা ২০ জুলাই তাৰিখে অতৰ্কিতে নিশাৰ ভিতৰতে বাগিছা লক আউট কৰি পলায়ন কৰে ৷ সেই সময়ছোৱাত চাহ শ্ৰমিকৰ লগতে বিহালীৰ বহু জাতীয়তাবাদী সংগঠনে তলাবন্ধ প্ৰত্যাহাৰৰ বাবে দাবী উত্থাপন কৰিছিল জিলা প্ৰশাসন যন্ত্ৰক ৷কিন্তু বিশ্বনাথ জিলা প্ৰশাসনে বিষয়টোক যথোপযুক্ত গুৰুত্ব প্ৰদান নকৰিলে।যাৰ বাবে বাগিছাৰ মালিকে দম্ভালিমাৰি শ্ৰমিক পক্ষক দমন, শোষণ, লুন্ঠন নীতিৰে তলাবন্ধ বাহাল ৰখাৰ মততে স্থিৰ হৈ থাকে৷ পৰবৰ্তী সময়ত, বিষয়টো পাই গৈ ৰাজ্যৰ শ্ৰম আদালতৰ মজিয়া৷ শ্ৰম আদালতে তলাবন্ধৰ ওপৰত যোৱা ২০ ছেপ্তেম্বৰ তাৰিখে এক শুনানি গ্ৰহন কৰে৷ য’ত স্পষ্টভাৱে ৰায় যে, বৰগাঁও চাহ বাগিছাৰ তলাবন্ধ প্ৰত্যাহাৰ কৰক ৷ কিন্তু দীৰ্ঘদিন ধৰি শ্ৰমিক শোষণ কৰি জিভাত তেল লগা মালিক ৰাজীৱ প্ৰিন্সাই শ্ৰম আদালতৰ ৰায়ক উপেক্ষা অৱমাননা কৰি আদালতৰ ৰায় কাৰ্যকৰী নকৰিলে৷ ইপিনে বিশ্বনাথ জিলা প্ৰশাসনে শ্ৰমিকৰ পক্ষত শক্তিশালীভাৱে অৱস্থান নকৰাৰ সুবাদতে মালিক ৰাজীৱ প্ৰিন্সাই শ্ৰম আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰায়টোৰ পুনৰ বিবেচনাৰ বাবে মহামান্য উচ্চ ন্যায়লয়ত আবেদন জনাই ৷ এই আবেদনৰ শুনানি হ’ব অহা ২৭ অক্টোবৰত ৷
ৰঙা তেজক পানা কৰি প্ৰতিটো দিন কামিহাঁড় বেকা কৰি কপালৰ ঘাম মাটিত পেলাই ৰাজভড়াললৈ বৰঙনি আগবঢ়াই অহা চাহ শ্ৰমিক সকলৰ অৱস্থা দিনক দিনে পানীত হাঁহ নচৰা হৈ পৰিছে ৷ খাদ্য সমস্যাকে ধৰি বিভিন্ন জীৱন সমস্যাই কোঙা কৰিছে চাহ শ্ৰমিক সকলক৷ তথাপিও কোনো কানষাৰ প্ৰদান কৰা নাই বিশ্বনাথ জিলা প্ৰশাসন যন্ত্ৰই ৷

অভিযোগ মতে, এক প্ৰকাৰে বিশ্বনাথ জিলা প্ৰশাসন যন্ত্ৰৰ মুৰব্বী জিলা উপায়ুক্ত আষিতক্ষ্য চক্ৰৱৰ্তীয়ে শ্ৰমিক সকলৰ জীৱন ৰক্ষা কৰাৰ বাবে গ্ৰহন কৰিবলগীয়া পদক্ষেপৰ বিপৰীতে গ্ৰহন কৰে পুঁজিপতি বাগিছাৰ মালিক ৰাজীৱ প্ৰিন্সা সুৰক্ষাৰ বাবে ৷ যাৰ বাবে উদণ্ডামি অতপালি, স্বৈৰাচাৰিতা দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে ৷
আনহাতে আজি প্ৰতিবাদকাৰীয়ে বিহালীৰ বিধায়ক মন্ত্ৰী ৰঞ্জিৎ দত্ত মুৰ্দাবাদ, বিশ্বনাথ প্ৰশাসন হায় হায় আদি শ্ল’গানে বিহালীৰ আকাশ- বতাহ কঁপাই তোলে৷ অানহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল আৰু বিপ্লৱী যুৱ সন্থাই ৷ কাৰ্যসূচীত সহযোগ কৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক লক্ষীকান্ত কুৰ্মী, বিশ্বনাথ চাৰ্কোলৰ সভাপতি নৰোত্তম চূণ্ডী, সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ আহ্বায়ক পৰিমল গোড়,জ্যোতি প্ৰসাদ বৰা, অসম কৃষক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত হাজৰিকা ,অসম কৃষক মহাসভাৰ গহপুৰ সমিতিৰ সভাপতি বৃষ্টিৰাম বসুমতাৰী, সম্পাদক দিনেশ বসুমতাৰী আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*