অসম

বৃহত্তৰ নাগালীমত অসমৰ ভূমি অন্তভুক্তি মানি লোৱা নহ’ব: মাৰ্ঘেৰিটা সাংবাদিক সংস্থা

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: তথাকথিত বৃহত্তৰ নাগালীমত অসমৰ এক ইঞ্চিও ভূমিৰ অন্তভুক্তি মানি লোৱা নহ’ব – এই স্পষ্ট স্থিতি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ । আজি মাৰ্ঘেৰিটা স্থিত হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এখনি সভাত এই স্থিতি গ্ৰহণ কৰাৰ লগতে ১৬ নবেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এই সন্দৰ্ভত প্ৰৱল জনমত গঠনৰ উদ্দেশ্যত মাৰ্ঘেৰিটাত এখনি ৰাজহুৱা সভা আহ্বানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত তথাকথিত বৃহত্তৰ নাগালীমত ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তিনিচুকীয়া জিলাৰ এক অংশ অন্তভুক্তি হৈ থকাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য বাখ্যা কৰা উপ সভাপতি পাৰ্থ প্ৰতীম গোস্বামী কে ধৰি প্ৰতি গৰাকী বিষয় ববীয়া উপস্থিত থকা সভা খনত ১৫ আৰু ১৬ নবেম্বৰত সংস্থাৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস টি আৰু ১৯,২০, আৰু ২১ জানুৱাৰী তাৰিখে সংস্থাৰ অধিবেশন মাৰ্ঘেৰিটাত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত সংস্থাৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস টি প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্য -সদস্যাৰ পৰা বৰঙণি সংগ্ৰহ কৰি উদযাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Close